• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চিন্তনী্য়! আইআইটি, বিএইচইউৰ দৰে উচ্চ শিক্ষানুষ্ঠানত জ্যোতিষ আৰু ভূত-প্ৰেত নিৰ্বাসনৰ পাঠদানক লৈ উদ্বিগ্ন বিজ্ঞানীসমাজ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 14, 2024 1:15 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় জ্ঞান ব্যৱস্থাৰ বেশত উচ্চ শিক্ষানুষ্ঠানত জ্যোতিষ আৰু পুনৰ্জন্মকে ধৰি ‘ছ্যুড’ বিজ্ঞানসন্মত’ বিষয়ৰ প্ৰৱৰ্তনক লৈ উদ্বেগ প্ৰকাশ কৰিছে বিজ্ঞান শিক্ষক আৰু ভাৰতী্য বিজ্ঞানীৰ একাংশই।

দ্য টেলিগ্ৰাফৰ প্ৰতিবেদন অনুসৰি অল ইণ্ডিয়া পিপলছ ছায়েন্স নেটৱৰ্কৰ সদস্যসকলে অনলাইন ৰাজহুৱা আবেদনৰ জৰিয়তে উচ্চ শিক্ষানুষ্ঠানৰ শিক্ষকসকলক তেওঁলোকৰ শিক্ষানুষ্ঠানৰ ভিতৰতে এনে পাঠ্যক্ৰম চলোৱাৰ বিৰোধিতা কৰিবলৈ আহ্বান জনাইছে।

এআইপিএছএনে কয় যে ভাৰতীয় বিজ্ঞান আৰু গণিতৰ ইতিহাস সম্পৰ্কে অগভীৰ বুজাবুজি বা ছদ্মবৈজ্ঞানিক দৃষ্টিভংগী থকাসকলৰ বাবে একাংশ প্ৰতিষ্ঠানত ভাৰতীয় জ্ঞান ব্যৱস্থাৰ প্ৰৱৰ্তন এক সুযোগ হৈ পৰিছে।

ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি (আই আই টি), মাণ্ডীত পুনৰ্জন্মৰ ওপৰত শিকোৱা পাঠ্যক্ৰমৰ উদাহৰণো এআইপিএছএনে উল্লেখ কৰিছে। বেনাৰস হিন্দু বিশ্ববিদ্যালয় (বি এইচ ইউ)ত জ্যোতিষ আৰু দানৱ বিজ্ঞানৰ দৰে বিষয়ৰ পাঠদান চলি আছে।

আইআইটি খড়গপুৰৰ এটা দাবীকো এআইপিএছএনে প্ৰশ্ন উত্থাপন কৰিছে, য’ত কোৱা হৈছে যে ভাৰতীয় সভ্যতা যোৱা বৰফ যুগৰ আগৰ পৰাই আৰম্ভ হৈছে, অৰ্থাৎ ভাৰতীয় সভ্যতা ১০ হাজাৰ বছৰৰো অধিক পুৰণি।

এআইপিএছএনে কয় যে এই পাঠ্যক্ৰম প্ৰস্তুত কৰাসকলে ভাৰতৰ বহুত্ববাদী জ্ঞান পৰম্পৰাৰ বিষয়ে অজ্ঞাত যেন লাগে। ভাৰতীয় জ্ঞান ব্যৱস্থাৰ নামত তেওঁলোকে নিজৰ সংকীৰ্ণ মানসিকতাক উন্মোচন কৰিছে। এনে পাঠ্যক্ৰমৰ অধিকাংশ বিষয়বস্তু সন্দেহজনক ইণ্টাৰনেট চাইটত পোৱা সামগ্ৰীৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হয়, যিবোৰে সংস্কৃত জ্ঞান পৰম্পৰাৰ অসম্পুৰ্ন জ্ঞানেৰে অতিৰঞ্জিত দাবী কৰে।

এআইপিএছএনে আবেদনখনত কৈছে, ‘আমি সকলো উচ্চ শিক্ষানুষ্ঠানক আহ্বান জনাইছো যে কেৱল সু-গৱেষণা কৰা বৈজ্ঞানিক উৎসহে ব্যৱহাৰ কৰক আৰু ভাৰতীয় জ্ঞান ব্যৱস্থাৰ ওপৰত তেওঁলোকৰ পাঠ্যক্ৰম প্ৰস্তুত কৰাৰ ক্ষেত্ৰত ছদ্ম বৈজ্ঞানিক দাবী আঁতৰাই দিয়ক। ভাৰতীয় জ্ঞান ব্যৱস্থাৰ অন্তৰ্নিহিত বৈচিত্ৰ্যৰ প্ৰতি সত্যতাৰে থাকিব লাগিব।’

বিদ্যালয়ৰ পাঠ্যপুথিত ভাৰতীয় জ্ঞান ব্যৱস্থাৰ ‘দুৰ্বল আৰু পক্ষপাতদুষ্ট’ প্ৰৱৰ্তনৰ ওপৰতো এআইপিএছএনে আলোকপাত কৰিছে। উদাহৰণস্বৰূপে, এনচিইআৰটিৰ সমাজ বিজ্ঞানৰ পাঠ্যপুথিত সংস্কৃত ভিত্তিক পৰম্পৰাক আন পৰম্পৰাতকৈ উচ্চ বুলি বৰ্ণনা কৰা হৈছে।

আয়ুৰ্বেদিক চিকিৎসাৰ অতিৰঞ্জিত উপস্থাপনক লৈ বিজ্ঞান শিক্ষকসকলেও উদ্বেগ প্ৰকাশ কৰিছে। দৰাচলতে এনচিইআৰটিৰ একাদশ শ্ৰেণীৰ কিতাপখনৰ আয়ুৰ্বেদৰ এটা অধ্যায়ত এই চিকিৎসা ব্যৱস্থা ১৫০০ বছৰতকৈও অধিক পুৰণি বুলি দাবী কৰা হৈছে।

এনে দুৰ্বল পৰিকল্পিত পাঠ্যক্ৰমে ভাৰতীয় গণিতৰ চহকী প্ৰাচীন অৱদানৰ ক্ষতিও কৰি আছে বুলি উদ্বেগ প্ৰকাশ কৰে এআইপিএছএনে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৫ বছৰ বয়সতে এমি বঁটা লাভ কৰিলে নেটফ্লিক্সত খলকনি লগোৱা কিশোৰ অভিনেতা ওৱেন কুপাৰে

১৫ বছৰ বয়সতে এমি বঁটা লাভ কৰিলে নেটফ্লিক্সত খলকনি লগোৱা কিশোৰ অভিনেতা ওৱেন কুপাৰে

September 15, 2025 4:37 pm
আজি আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ অন্তিম দিন : ভুৱা তাৰিখ বৃদ্ধিৰ খবৰ

আজি আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ অন্তিম দিন : ভুৱা তাৰিখ বৃদ্ধিৰ খবৰ

September 15, 2025 3:36 pm
মৰ্যাদাপূৰ্ণ জীৱন সাংবিধানিক অধিকাৰ! ভিক্ষাৰীসকলৰ আবাসত মানসম্পন্ন জীৱন নিশ্চিত কৰিবলৈ নির্দেশ উচ্চতম ন্যায়ালয়ৰ

মৰ্যাদাপূৰ্ণ জীৱন সাংবিধানিক অধিকাৰ! ভিক্ষাৰীসকলৰ আবাসত মানসম্পন্ন জীৱন নিশ্চিত কৰিবলৈ নির্দেশ উচ্চতম ন্যায়ালয়ৰ

September 15, 2025 3:23 pm
কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতন আইনৰ পৰা বাদ ৰাজনীতিবিদ! নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতন আইনৰ পৰা বাদ ৰাজনীতিবিদ! নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

September 15, 2025 2:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৫ বছৰ বয়সতে এমি বঁটা লাভ কৰিলে নেটফ্লিক্সত খলকনি লগোৱা কিশোৰ অভিনেতা ওৱেন কুপাৰে

১৫ বছৰ বয়সতে এমি বঁটা লাভ কৰিলে নেটফ্লিক্সত খলকনি লগোৱা কিশোৰ অভিনেতা ওৱেন কুপাৰে

September 15, 2025 4:37 pm
আজি আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ অন্তিম দিন : ভুৱা তাৰিখ বৃদ্ধিৰ খবৰ

আজি আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ অন্তিম দিন : ভুৱা তাৰিখ বৃদ্ধিৰ খবৰ

September 15, 2025 3:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd