• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দৰকাৰ পৰিলে আৰ এছ এছৰ হিন্দুত্ববাদক বলি দিম কিন্তু অসমীয়াত্ব এৰি দিয়া নহ’ব : অখিলৰ হুংকাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 16, 2018 11:21 pm
315
VIEWS
Share on FacebookShare on Twitter

‘শংকৰদেৱ, লাচিত-চিলাৰায়ক হিন্দুত্ববাদীৰ হাতত এৰি দিয়া নহ’ব। দৰকাৰ পৰিলে আৰ এছ এছৰ হিন্দুত্ববাদক বলি দিম। কিন্তু কোনো কাৰণতে অসমীয়াত্ব এৰি দিয়া নহ’ব।’ এই হুংকাৰ প্ৰদান কৰে কৃষক নেতা অখিল গগৈয়ে।

উল্লেখযোগ্য যে যোৱা ১১ নৱেম্বৰৰ পৰা শদিয়া, ধুবুৰী, জোনাই আৰু ডিফুৰ পৰা বাইক ৰেলীৰে অহা ‘সংকল্প যাত্ৰা’ৰ অন্তত দিচপুৰ প্ৰেছ ক্লাবৰ সন্মুখত অনুষ্ঠিত কৰা বিশাল প্ৰতিবাদী সভাত বিজেপি চৰকাৰৰ বিৰুদ্ধে কৃষক নেতা গৰাকীয়ে উক্ত হুংকাৰ প্ৰদান কৰি এই হুংকাৰ ৭০ টা সংগঠনৰে হুংকাৰ বুলি দাবী কৰে।

তাৰোপৰি কৃষক নেতা গৰাকীয়ে বিজেপিয়ে হিন্দু ৰাষ্ট্ৰী প্ৰতিষ্ঠা কৰিবলৈ খোজে বুলি উল্লেখ কৰি কয় যে ‘অসমীয়া মানুহৰ ওপৰত কোনোপধ্যে হিন্দুৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰিবলৈ দিয়া নহ’ব।‘

লগতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ দ্বাৰা বিদেশীৰ বৃহৎ পৰিমাণৰ বোজা জাপি দি এই বিধেয়কৰ জৰিয়তে অসমীয়া জাতিটোক ভাঙি পেলাব খোজা হৈছে বুলিও তেওঁ কয়।

আনহাতে ভাষণ প্ৰসংগত তেওঁ কয় ‘বিজেপি আৰ এছ এছে মহাপুৰুষ শংকৰদেৱক অসমীয়া জাতিৰ গুৰু নহয়, লাচিত-চিলাৰায়ক অসমীয়া জাতিৰ বীৰ নহয় বুলি কয়। তেওঁলোকে শংকৰদেৱক হিন্দুৰ গুৰু আৰু চিলাৰায়ক হিন্দুৰ বীৰ বুলি দাবী কৰে।‘

কৃষক নেতা গৰাকীয়ে ‘কোনো সত্ৰৰ সত্ৰাধিকাৰে, ৰাজনৈতিৰ দালাল অথবা হিন্দু সংগঠনে শংকৰদেৱক বিক্ৰী  কৰিব খুজিব পাৰে, কিন্তু অসমীয়া জাতিয়ে কেতিয়াও শংকৰদেৱক অসমীয়াৰ হাতৰ পৰা এৰি নিদিয়ে।‘ বুলি মন্তব্য কৰে।

আনহাতে হিন্দু ৰাষ্ট্ৰৰ প্ৰতিষ্ঠাৰ নামত এজনো নতুনকৈ বিদেশী আনিবলৈ দিয়া নহ’ব বুলি উল্লেখ কৰি হিন্দু বাংলাদেশীক অনাৰ বিপৰীতে অসমৰ সকলো বিদেশীক খেদি অসমীয়াক সংখ্যালঘু হোৱাৰ পৰা ৰক্ষা কৰিবৰ বাবে ৰাজ্যৰ তথা কেন্দ্ৰৰ বিজেপি চৰকাৰক দাবী জনায় কৃষক নেতা অখিল গগৈয়ে।

উল্লেখযোগ্য যে মহানগৰ প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰি তথা প্ৰতিবাদী সমাবেশত অংশগ্ৰহণ কৰিবলৈ অহা বহুসংখ প্ৰতিবাদকাৰীক ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰক্ষী প্ৰশাসনে বাধা প্ৰদান কৰে যদিও পাচ সহস্ৰাধিক প্ৰতিবাদকাৰীৰে আজি অনুষ্ঠিত হয় ‘দিচপুৰ চল’ কাৰ্য্যসূচী।

Recent News

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd