অসম আন্দোলনত গুলীবিদ্ধসকলক ২ লাখ টকাকৈ এককালীন সাহায্য চৰকাৰৰ

CM-ex gratia

অসম আন্দোলনত গুলীবিদ্ধসকলক এক কালীন সাহায্য প্ৰদান মুখ্য মন্ত্ৰীৰ।

আজি গুৱাহাটীৰ মণিৰাম দেৱান বাণিজ্যিক কেন্দ্ৰৰ প্ৰেক্ষাগৃহত অসম চুক্তি ৰূপায়ণ বিভাগে আয়োজন কৰা এটা অনুষ্ঠানত অসম আন্দোলনত গুলীবিদ্ধসকল অথবা তেওঁলোকৰ পৰিয়ালক ২ লাখ টকাকৈ এককালীন সাহায্য আৰু মানপত্ৰ প্ৰদান কৰা হয়।

সাহায্য আৰু মানপত্ৰ প্ৰদান কৰি মুখ্য মন্ত্ৰী সোণোৱালে এই সাহায্যক আন্দোলনটোলৈ তেওঁলোকৰ মহান অৱদানৰ স্বীকৃতি বুলি উল্লেখ কৰে।

মুঠ ২৬৮গৰাকী গুলীবিদ্ধ লোকলৈ বা তেওঁলোকৰ আত্মীয়লৈ আজি এই সাহায্য দিয়া হয়।

চৰকাৰে ইতিপূৰ্বে আন্দোলনটোত মৃত্যুবৰণ কৰা মুঠ ৮৬০গৰাকী চহিদৰ আত্মীয়ক ২০১৬ চনত ৫লাখ টকাকৈ এককালীন সাহায্য আৰু মানপত্ৰ প্ৰদান কৰা বুলি মুখ্য মন্ত্ৰীয়ে তেওঁৰ ভাষণত উল্লেখ কৰে।

মন কৰিব লগীয়া যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে অসমৰ জনগণৰ ওপৰত হিন্দু বাংলাদেশী জাপি দিব খোজা বাবে বেছি সংখ্যক চহিদ পৰিয়ালেই এই মানপত্ৰ চৰকাৰক ঘূৰাই দিয়ে।

আজিৰ সাহায্য বিতৰণৰ অনুষ্ঠানটোত ভাষণৰ মাজতে মুখ্য মন্ত্ৰীয়ে কয় যে অসম আন্দোলনৰ চহিদসকলৰ স্মৃতি নৱ প্ৰজন্মৰ মনত চিৰস্থায়ী কৰিবলৈ গুৱাহাটী মহানগৰীত ১০০ বিঘা ভূমি সামৰি চদিহ উদ্যান নিৰ্মাণ কৰিব।

ইপিনে অসম চুক্তিৰ আধাৰতে বিজেপি চৰকাৰে এন আৰ চি উন্নীতকৰণৰ কাম কৰি থকা বুলি দোহাৰে।

সাহায্য বিতৰণ অনুষ্ঠানটোত মুখ্য মন্ত্ৰীৰ উপৰি অসম চুক্তি ৰূপায়ণ বিভাগৰ আয়ুক্ত সচিব আশুতোষ অগ্নিহোত্ৰী, মুখ্য মন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামী, মুখ্য মন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী, বিধায়ক বিমল বৰাকে ধৰি কেইবাজনো বিশিষ্ট লোক উপস্থিত থাকে।