সাক্ষী মালিকে মল্লযুঁজৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰাৰ লগতে বজৰং পুনিয়াই পদ্মশ্ৰী ঘূৰাই দিয়াৰ এসপ্তাহ নৌহওঁতেই ভাৰতীয় মল্লযুঁজাৰু ফেডাৰেচনৰ প্ৰাক্তন মুৰব্বী ব্রিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে প্রতিবাদ কৰা তৃতীয় শীর্ষ মল্লযুঁজাৰু বিনেশ ফ’গাটে ঘোষণা কৰিছে যে তেওঁ লাভ কৰা খেলৰত্ন আৰু অৰ্জুন বঁটা চৰকাৰক ঘূৰাই দিব।
বিজেপিৰ সাংসদ ব্রিজ ভূষণ সিঙে বহু মহিলা মল্লযুঁজাৰুক যৌন নিৰ্যাতনৰ চলাই অহাৰ অভিযোগ উত্থাপন হৈছিল। ইয়াৰ বিৰুদ্ধে প্রতিবাদৰ নেতৃত্ব লৈছিল সাক্ষী মালিক, বজৰং পুনিয়া আৰু বিনেশ ফ’গাট আদি দেশৰ শীৰ্ষ মল্লযুঁজাৰুৱে৷
ব্রিজ ভূষণৰ ঘনিষ্ঠ সহযোগী সঞ্জয় সিঙে বৃহস্পতিবাৰে ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ নির্বাচনত জয়লাভ কৰাৰ পাছতে তেওঁলোকে এইবাৰ অন্য ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে। ইয়াৰ মাজতে দেওবাৰে ক্ৰীড়া মন্ত্ৰালয়ে এই সঞ্জয় সিঙৰ কমিটিখনক বৰ্খাস্ত কৰে।
তাৰ পাছতে মল্লযুঁজাৰু বিনেশ ফ’গাটে প্ৰধানমন্ত্ৰী মোডীলৈ পত্ৰ লিখি কৈছে যে, তেওঁ লাভ ৰাষ্ট্ৰীয় বঁটাসমূহ চৰকাৰক ঘূৰাই দিব।
মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ লিখা এখন আৱেগিক পত্ৰত কমনৱেলথ আৰু এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰা মহিলা মল্লযুঁজাৰু ফ’গাটে মহিলা মল্লযুঁজাৰু কেৱল চৰকাৰী বিজ্ঞাপনৰ শোভাযাত্ৰাৰ বাবেই নিৰ্মাণ কৰা হৈছে নেকি বুলি প্ৰশ্ন কৰি কয় যে তেওঁ খেলৰত্ন আৰু অৰ্জুন ঘূৰাই দিব বঁটাসমূহ যাতে “মৰ্যাদাৰে জীয়াই থকাৰ পথত বোজা” হৈ নপৰে।
তেওঁ লগতে কয় যে পদক লাভ কৰাৰ সময়ত মল্লযুঁজাৰুসকলক দেশৰ গৌৰৱ বুলি গণ্য কৰা হৈছিল যদিও এতিয়া তেওঁলোকে ন্যায়ৰ বাবে মাত মতাৰ সময়চ তেওঁলোকক বিশ্বাসঘাতক বুলি অভিহিত কৰা হৈছে। “প্ৰধানমন্ত্ৰী, মই আপোনাক সুধিব বিচাৰিছো, আমি দেশদ্ৰোহী নেকি?” ফ’গাটে পত্ৰত লিখিছে।
হিন্দীত লিখা চিঠিখনত মল্লযুঁজাৰু ফ’গাটে প্ৰধানমন্ত্ৰী মোডীক প্ৰশ্ন কৰিছে, “সাক্ষী মালিকে মল্লযুঁজ বাদ দিছে আৰু বজৰং পুনিয়াই পদ্মশ্ৰী ঘূৰাই দিছে। দেশৰ হৈ অলিম্পিকৰ পদক লাভ কৰা খেলুৱৈসকলে কিয় এই সকলোবোৰ কৰিবলৈ বাধ্য হৈছিল?”
“মোৰ মনত আছে ২০১৬ চন, যেতিয়া সাক্ষী মালিকে অলিম্পিকত পদক লাভ কৰিছিল, তেতিয়া আপোনাৰ চৰকাৰে তেওঁক ‘বেটি বাচাও বেটি পঢ়াও’ৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিযুক্তি দিছিল আজি সাক্ষীয়ে মল্লযুঁজ এৰিবলগীয়া হোৱাৰ পিছৰে পৰা সেই বছৰটোনলৈ মোৰ বাৰে বাৰে মনত পৰিছে। আমি মহিলা খেলুৱৈক কেৱল চৰকাৰী বিজ্ঞাপনত দেখা দিবলৈকে নেকি?” এইদৰে প্ৰধানমন্ত্ৰী মোডীক প্ৰশ্ন কৰিছে ফ’গাটে।