• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰধানমন্ত্ৰী মোদীলৈ মল্লযুঁজাৰু বিনেশ ফ’গাটৰ পত্ৰ, কি লিখিলে পত্ৰত?

"চৰকাৰী বিজ্ঞাপনত ব্যৱহাৰ কৰিবলৈকে মহিলা খেলুৱৈক তৈয়াৰ কৰা হয় নেকি?"

নৰ্থ ইষ্ট নাও, ডেস্ক by নৰ্থ ইষ্ট নাও, ডেস্ক
December 26, 2023 8:45 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাক্ষী মালিকে মল্লযুঁজৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰাৰ লগতে বজৰং পুনিয়াই পদ্মশ্ৰী ঘূৰাই দিয়াৰ এসপ্তাহ নৌহওঁতেই ভাৰতীয় মল্লযুঁজাৰু ফেডাৰেচনৰ প্ৰাক্তন মুৰব্বী ব্রিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে প্রতিবাদ কৰা তৃতীয় শীর্ষ মল্লযুঁজাৰু বিনেশ ফ’গাটে ঘোষণা কৰিছে যে তেওঁ লাভ কৰা খেলৰত্ন আৰু অৰ্জুন বঁটা চৰকাৰক ঘূৰাই দিব।

বিজেপিৰ সাংসদ ব্রিজ ভূষণ সিঙে বহু মহিলা মল্লযুঁজাৰুক যৌন নিৰ্যাতনৰ চলাই অহাৰ অভিযোগ উত্থাপন হৈছিল। ইয়াৰ বিৰুদ্ধে প্রতিবাদৰ নেতৃত্ব লৈছিল সাক্ষী মালিক, বজৰং পুনিয়া আৰু বিনেশ ফ’গাট আদি দেশৰ শীৰ্ষ মল্লযুঁজাৰুৱে৷

Apply Now

ব্রিজ ভূষণৰ ঘনিষ্ঠ সহযোগী সঞ্জয় সিঙে বৃহস্পতিবাৰে ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ নির্বাচনত জয়লাভ কৰাৰ পাছতে তেওঁলোকে এইবাৰ অন্য ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে। ইয়াৰ মাজতে দেওবাৰে ক্ৰীড়া মন্ত্ৰালয়ে এই সঞ্জয় সিঙৰ কমিটিখনক বৰ্খাস্ত কৰে।

তাৰ পাছতে মল্লযুঁজাৰু বিনেশ ফ’গাটে প্ৰধানমন্ত্ৰী মোডীলৈ পত্ৰ লিখি কৈছে যে, তেওঁ লাভ ৰাষ্ট্ৰীয় বঁটাসমূহ চৰকাৰক ঘূৰাই দিব।

মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ লিখা এখন আৱেগিক পত্ৰত কমনৱেলথ আৰু এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰা মহিলা মল্লযুঁজাৰু ফ’গাটে মহিলা মল্লযুঁজাৰু কেৱল চৰকাৰী বিজ্ঞাপনৰ শোভাযাত্ৰাৰ বাবেই নিৰ্মাণ কৰা হৈছে নেকি বুলি প্ৰশ্ন কৰি কয় যে তেওঁ খেলৰত্ন আৰু অৰ্জুন ঘূৰাই দিব বঁটাসমূহ যাতে “মৰ্যাদাৰে জীয়াই থকাৰ পথত বোজা” হৈ নপৰে।

তেওঁ  লগতে কয় যে পদক লাভ কৰাৰ সময়ত মল্লযুঁজাৰুসকলক দেশৰ গৌৰৱ বুলি গণ্য কৰা হৈছিল যদিও এতিয়া তেওঁলোকে ন্যায়ৰ বাবে মাত মতাৰ সময়চ তেওঁলোকক বিশ্বাসঘাতক বুলি অভিহিত কৰা হৈছে। “প্ৰধানমন্ত্ৰী, মই আপোনাক সুধিব বিচাৰিছো, আমি দেশদ্ৰোহী নেকি?” ফ’গাটে পত্ৰত লিখিছে।

হিন্দীত লিখা চিঠিখনত মল্লযুঁজাৰু ফ’গাটে প্ৰধানমন্ত্ৰী মোডীক প্ৰশ্ন কৰিছে, “সাক্ষী মালিকে মল্লযুঁজ বাদ দিছে আৰু বজৰং পুনিয়াই পদ্মশ্ৰী ঘূৰাই দিছে। দেশৰ হৈ অলিম্পিকৰ পদক লাভ কৰা খেলুৱৈসকলে কিয় এই সকলোবোৰ কৰিবলৈ বাধ্য হৈছিল?”

“মোৰ মনত আছে ২০১৬ চন, যেতিয়া সাক্ষী মালিকে অলিম্পিকত পদক লাভ কৰিছিল, তেতিয়া আপোনাৰ চৰকাৰে তেওঁক ‘বেটি বাচাও বেটি পঢ়াও’ৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিযুক্তি দিছিল আজি সাক্ষীয়ে মল্লযুঁজ এৰিবলগীয়া হোৱাৰ পিছৰে পৰা সেই বছৰটোনলৈ মোৰ বাৰে বাৰে মনত পৰিছে। আমি মহিলা খেলুৱৈক কেৱল চৰকাৰী বিজ্ঞাপনত দেখা দিবলৈকে নেকি?” এইদৰে প্ৰধানমন্ত্ৰী মোডীক প্ৰশ্ন কৰিছে ফ’গাটে।

নৰ্থ ইষ্ট নাও, ডেস্ক

নৰ্থ ইষ্ট নাও, ডেস্ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

August 29, 2026 7:28 pm
খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 29, 2026 6:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd