বিতৰ্কিত আদিবাসী গীতক লৈ দেশজুৰি চৰ্চা, ঠায়ে ঠায়ে এজাহাৰ দাখিল; লেখক আৰু গায়িকাই খুজিলে ক্ষমা

Merry hasda song

বিতৰ্কিত গীতটিৰ সৈতে জড়িত শিল্পী-কলা কুশলীসকলে খুজিলে ক্ষমা। ফটো: নৰ্থইষ্ট নাও।

এটা গীতৰ ভিডিঅ’ মুকলি হোৱাৰ পিছতে আৰম্ভ হোৱা বিতৰ্কই ৰাজ্যখনৰ লগতে দেশৰ আন প্ৰান্ততো জোকাৰণি তুলিছে।

অসমৰ লগতে উৰিষ্যা, ঝাৰখাণ্ড, পশ্চিমবংগ সহ কেইবাখন ৰাজ্যৰ ঠায়ে ঠায়ে গীতটিৰ সৈতে জড়িত লোকৰ ওপৰত গোচৰ ৰুজু কৰা হৈছে।

সমগ্ৰ দেশৰে আদিবাসী সমাজৰ ৰোষত পৰিছে ইউটিবাৰ মেৰী হাজদা।

তাৰ পিছতে এইবাৰ নিজৰ ভুল স্বীকাৰ কৰিছে গীতটিৰ সৈতে জড়িত শিল্পী আৰু কলা কুশলীসকলে।

যোৱা ২ এপ্ৰিল তাৰিখে অসমৰ তামুলপুৰৰ পৰা মুক্তি লাভ কৰা আদিবাসী গীতটোৱে অসমৰ লগতে ভিন্ন ৰাজ্যতো এতিয়া চৰ্চা লাভ কৰিছে।

গীতটিত চাওতাল জনগোষ্ঠীৰ ভগৱানক অপমান কৰা বুলি অভিযোগ কৰা হৈছে।

ইয়াৰ বাবেই বিভিন্ন লোক তথা দল সংগঠনে এজেহাৰ দাখিল কৰিছে।

জোৱাকিম টুডুয়ে লিখি উলিওৱা গীতটিত কণ্ঠদান কৰিছিল মেৰী হাজদা নামৰ শিল্পীগৰাকীয়ে।

কিন্ত গীতটিৰ দ্বাৰাই ভগৱানক অপমান কৰাৰ উদ্দেশ্য নাছিল বুলি জানিবলৈ দিছে গীতটিৰ সৈতে জড়িত লোক সকলে।

শব্দৰ ভুলৰ বাবেই অন্য মোৰ লৈছিল গীতটিয়ে। কোনো লোকক দুখ দিয়াৰো কোনো উদ্দেশ্য নাই বুলি শিল্পী আৰু কলা কুশলী সকলে মত পোষণ কৰিছে।

ইতিমধ্যে সকলো দিশৰ পৰা গীতটি সংশোধনী কৰা হৈছে বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিছে গীতটিৰ সৈতে জড়িত শিল্পী তথা লোকসকলে।

এনে অবাঞ্চিত ভুলৰ বাবে গীতটিৰ সৈতে জড়িত লোকসকলে অসমৰ লগতে অন্য ৰাজ্যৰ লোক, আদিবাসী সমাজ তথা বিভিন্ন দল সংগঠনৰ ওচৰত ক্ষমা বিচাৰিছে।

তেওঁলোকে লগতে পৰৱৰ্তী সময়ত এনে ভুল নহ’ব বুলিও সদৰী কৰে।