NORTHEAST NOW (Assamese)

ফেচবুক প’ষ্টত ৰাষ্ট্ৰপতিক ‘মূৰ্খ’ বুলি কৈ গ্ৰেপ্তাৰৰ সম্মুখীন জনপ্ৰিয় লেখক, ক’ত?

March 24, 2021 12:36 pm · এন ই নাও নিউজ

পোলেণ্ডৰ ৰাষ্ট্ৰপতি আন্দ্ৰঝেজ ডুডাক সমালোচনা কৰাৰ বাবে গ্ৰেপ্তাৰৰ সমু্খীন হ’বলৈ উলাইছে দেশখনৰ এজন জনপ্ৰিয় লেখক।

জেকুব ঝুলচঝিক নামৰ লেখকজনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিৰ্বাচনত জ’ বিডেন বিজয়ী হোৱাৰ পাছত ডণাল্ড ট্ৰাম্পৰ মিত্ৰ পোলেণ্ডৰ ৰাষ্ট্ৰপতিজনক ‘মূৰ্খ’ বুলি কৈছিল।

যোৱা বৰ্ষৰ ৭ নৱেম্বৰত ফেচবুক প’ষ্টত লিখা এই শব্দটোৰ বাবেই দেশৰ মূৰব্বীক তাচ্ছিল্য কৰাৰ অপৰাধত অভিযুক্ত কৰা হৈছে।

উল্লেখযোগ্য যে লেখক ঝুলচঝিকে জনপ্ৰিয় টিভি চিৰিজ ‘ব্লাইণ্ডেড বাই দ্যা লাইটছ’ আৰু ‘বেলফাৰ’ৰ চিত্ৰনাট্যকাৰ হিচাপে জনপ্ৰিয়তা লাভ কৰিছে।

এই সম্পৰ্কে লেখকজনে শেহতীয়াকৈ ফেচবুকত লিখিছে- ”সন্দেহ কৰিছো মই প্ৰথমজন লেখক, যি দীৰ্ঘ সময়ৰ পাছত এজন লেখকক তেওঁৰ লিখনিৰ বাবে জেৰা কৰা হৈছে।”

পোলেণ্ডৰ সোঁপন্থী দল ‘ল এণ্ড জাষ্টিছ পাৰ্টি’ৰ সমৰ্থনত ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা ডুডা আছিল বিডেনৰ পূৰ্বসুৰী তথা আমেৰিকা যুক্তৰাষ্ট্ৰৰ সোঁপন্থী নেতা ডণাল্ড ট্ৰাম্পৰ পৰম মিত্ৰ।

প্ৰশাসনিক সূত্ৰই জনায় যে লেখকগৰাকীৰ বিৰুদ্ধে গোচৰটো চলিত মাহৰ প্ৰথমফালে পঞ্জীয়ন কৰা হয়।

ফেচবুক প’ষ্টটোত লেখকজনে লিখিছিল- ”আন্দ্ৰঝেজ ডুডা এজন মূৰ্খ।”

উল্লেখযোগ্য যে দেশখনৰ আইনৰ অপপ্ৰয়োগৰ বাবে পোলেণ্ড শেহতীয়াকৈ ধাৰাবাহিকভাৱে মানৱ অধিকাৰ সংস্থাসমূহ সমালোচনাৰ সম্মুখীন হৈ আহিছে।

Related News