NORTHEAST NOW (Assamese)

আমেৰিকাৰ আদালতত ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ; মানহানিৰ অভিযোগ ট্ৰাম্পৰ

November 26, 2022 9:55 am · এন ই নাও নিউজ, গুৱাহাটী

আমেৰিকান লেখক জিন কেৰলে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰিছে।

প্ৰাক্তন ৰাষ্ট্ৰপতিজনৰ বিৰুদ্ধে ১৯৯০ৰ দশকত নিউয়ৰ্কৰ এখন দোকানৰ ড্ৰেছিং ৰুমত জিন কেৰলক ধৰ্ষণ কৰাৰ অভিযোগ অনা হৈছে।

লগতে পঢ়ক: FIFA World Cup 2022: খেলৰ ছয় মিনিটতে আগবাঢ়ি থাকিও ইকুৱেডৰ বিৰুদ্ধে ড্ৰ খেলিলে নেদাৰলেণ্ডে; বাহিৰ হ’ল আয়োজক দেশ কাটাৰ

কেৰলে এখন আমেৰিকান বাতৰি কাকতৰ সম্পাদকীয় পৃষ্ঠাত নিয়মীয়াকৈ স্তম্ভ লিখিছিল। শেহতীয়া এখন কিতাপত কেৰলে লিখিছিল যে ১৯৯০ চনত নিউয়ৰ্কৰ এটা ডিপাৰ্টমেণ্টেল ষ্টোৰৰ মহিলা ড্ৰেছিং ৰুমত তেতিয়াৰ উদ্যোগপতি ট্ৰাম্পে তেওঁক ধৰ্ষণ কৰিছিল।

লগতে পঢ়ক: গোপন কেমেৰাত ১,২০০ ছোৱালীৰ নগ্ন ভিডিঅ’! গ্ৰেপ্তাৰ মেনেজমেণ্টৰ শিক্ষাৰ্থী

আনহাতে, আমেৰিকা যুক্তৰাষ্ট্ৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে দাবী কৰে যে কেৰল সম্পূৰ্ণ মিছা কথা কৈছে। ডোনাল্ড ট্ৰাম্পে তেওঁৰ বিৰুদ্ধে এটা মানহানিৰ গোচৰ ৰুজু কৰিছে।

Related News