NORTHEAST NOW (Assamese)

চৰিত্ৰহনন! বিতর্কিত লেখিকা শিখা শর্মাক আটক দিছপুৰ আৰক্ষীৰ; গ্ৰেপ্তাৰৰ সম্ভাৱনা

June 16, 2023 10:38 am · এন ই নাও নিউজ, গুৱাহাটী

ফেচবুকত বিজেপি নেত্ৰী জোনালী নাথৰ চৰিত্ৰকলৈ আপত্তিজনক মন্তব্য কৰি বিপদত পৰিছে বিতৰ্কিত লেখিকা শিখা শৰ্মা। হত্যাৰ বলি হোৱা গোৱালপাৰা জিলা বিজেপিৰ সম্পাদিকা নাথৰ চৰিত্ৰক লৈ প্ৰশ্ন কৰিছিল শৰ্মাই।

দিছপুৰ আৰক্ষী থানাত এই সন্দৰ্ভত এক গোচৰ ৰুজু হৈছিল। অৱশেষত দিছপুৰ আৰক্ষীয়ে লেখিকাগৰাকীক আটক কৰিছে।

লগতে পঢ়ক: পুৱতি নিশা কলিয়াবৰত নৈশ বাছ-ট্ৰাকৰ সংঘৰ্ষত থিতাতে নিহত এজন; আহত বহুকেইজন বাছ যাত্ৰী

শিখা শৰ্মাৰ মন্তব্যক লৈ ৰাজ্যিক মহিলা আয়োগেও আপত্তি দৰ্শাইছিল। ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা হেমপ্ৰভা বৰঠাকুৰে আৰক্ষী সঞ্চালক প্ৰধানলৈ এখন পত্ৰ লিখি কঠোৰ ব্যৱস্থা গ্ৰহণৰ অনুৰোধ জনাইছিল।

বিভিন্ন বিষয়ত বিতৰ্কিত মন্তব্য কৰি শিখা শৰ্মাই ইতিমধ্যে চৰ্চা লাভ কৰিছিল। পূৰ্বে এনে বিতৰ্কিত মন্তব্যৰ বাবে কাৰাগাৰলৈও যাব লগা হৈছিল লেখিকাগৰাকী।

লগতে পঢ়ক: পুনৰ উত্তপ্ত মণিপুৰ! ইম্ফলত কেন্দ্ৰীয় মন্ত্ৰী ৰাজকুমাৰ ৰঞ্জন সিঙৰ ঘৰত অগ্নিসংযোগ

বিজেপি নেত্ৰী জোনালী নাথৰ চৰিত্ৰহননৰ গোচৰত দিছপুৰ আৰক্ষীয়ে আটক কৰা শিখা শৰ্মা যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হোৱাৰ সম্ভৱনা আছে।

Related News