• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেৱালৰ লিখন

লোক সভাত নাগৰিকত্ব বিধেয়ক উত্থাপনৰ দিনাই গুৱাহাটীৰ পথৰ কাষৰ বেৰত কেববিৰোধী শ্ল’গান

এন ই নাও নিউজ by এন ই নাও নিউজ
December 9, 2019 2:14 pm
Writing on the wall: Guwahati wakes up to NO CAB cry as Amit Shah tables bill in Lok Sabha

প্ৰতিনিধিত্বমূলক ছবি

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় সংসদত সোমবাৰে নাগৰিকত্ব বিধেয়কে গতি লাভ কৰাৰ সময়তে অসমত কেববিৰোধী আন্দোলন তুংগত উঠা দেখা গৈছে।

আন্দোলনে অসমত হিংসাত্মক ৰূপ লোৱা নাই যদিও দেখা গৈছে প্ৰতিবাদকাৰীসকলে কেব বিৰোধিতাৰ একো পথ এৰিব খোজা নাই।

বিধেয়কৰ বিৰুদ্ধে আহ্বায়িত “অসম বন্ধ”ই ৰাজধানী গুৱাহাটীক এৰি সমগ্ৰ ৰাজ্যখনত প্ৰভাৱ পেলাইছে।

লোক সভাত বিধেয়কখন উত্থাপনৰ দিনাই পুৱাৰ ভাগত গুৱাহাটীজুৰি বাটৰ কাষৰ দেৱালসমূহত কেববিৰোধী শ্ল’গান দেখা গৈছে।

শ্ল’গানসমূহ পোনপটীয়াকৈ কেববিৰোধী: No CAB, Oppose CAB (।)

দেৱালসমূহ মাত্ৰ দুই-এদিন পূৰ্বে নতুন ৰঙেৰে সজোৱা হৈছিল। কৰ্তৃপক্ষই দুপৰীয়ালৈকে দেৱালসমূহৰ শ্ল’গানসমূহ মচি পেলোৱা দেখা গৈছে।

মোদী আৰু জাপানৰ প্ৰধান মন্ত্ৰী আবেৰ সম্ভাৱ্য গুৱাহাটী আগমন উপলক্ষে অসম চৰকাৰে এই পদক্ষেপ লোৱা বুলি বাতৰিত প্ৰকাশ।

গুৱাহাটীৰ দেৱালসমূহৰ এই ৰূপত অসমৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

“পৈশাচিক আনন্দ নে গণতান্ত্ৰিক প্ৰতিবাদ? গুৱাহাটীৰ সদ্য পৰিস্কৃত পকী দেৱালৰ ওপৰত ‘কেব’ বিৰোধী শ্লোগানৰ আক্ৰমণৰ দৃশ্য,” মন্ত্ৰী শৰ্মাৰ টুইট।

পৈশাচিক আনন্দ নে গণতান্ত্ৰিক প্ৰতিবাদ ?

গুৱাহাটীৰ সদ্য পৰিস্কৃত পকী দেৱালৰ ওপৰত ‘কেব’ বিৰোধী শ্লোগানৰ আক্ৰমণৰ দৃশ্য। pic.twitter.com/bAfVQmdR64

— Himanta Biswa Sarma (@himantabiswa) December 9, 2019

সদৌ অসম চুতীয়া ছাত্ৰ সন্থা আৰু সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাই আহ্বান কৰা সোমবাৰৰ বন্ধলৈ আন কিছু সংগঠনেও সমৰ্থন আগবঢ়াইছে।

লোক সভাত বিৰোধীৰ ব্যাপক প্ৰতিবাদৰ মাজত গৃহ মন্ত্ৰী অমিত শ্বাহে বিধেয়কখন ইতিমধ্যে উত্থাপন কৰিছে।

বিধেয়কখনৰ বিৰুদ্ধে মূলতঃ অসম তথা উত্তৰ-পূব ভাৰততহে ধাৰাবাহিক প্ৰতিবাদ হৈ আছে যদিও সদনত বহুকেইটা দলে কেবৰ বিৰুদ্ধে অৱস্থান লৈছে।

বিধেয়কখনক “ভাৰতীয় সংবিধান” আৰু “ধৰ্মনিৰপেক্ষতা”ৰ বিৰোধী আৰু “বিভাজনমূলক” বুলি বিৰোধী দলসমূহে অভিহিত কৰিছে।

বিধেয়কখনৰ উদ্যোগ লোৱা শাসক দল বিজেপিৰ নিম্ন সদনত পূৰ্ণ সংখ্যাগৰিষ্ঠতা আছে।

দলটোৱে তেওঁলোকৰ সকলো সাংসদকে সদনত উপস্থিত থকাৰ বাবে হুইপ জাৰি কৰিছে।

বিজেপিৰ সংসদীয় উপ দলপতি ৰাজনাথ সিঙে বিধেয়কখন জম্মু-কাশ্মীৰ বিষয়ক ভাৰতীয় সংবিধানৰ ৩৭০নং অনুচ্ছেদ “বাতিল”ৰ দৰেই গুৰুত্বপূৰ্ণ বুলি কিছুদিন পূৰ্বে দলৰ সকলো সাংসদলৈকে বাৰ্তা দিয়া বুলি বাতৰিত প্ৰকাশ।

লোক সভাৰ পিছত মঙলবাৰে ৰাজ্য সভাত বিধেয়কখন উত্থাপন কৰাৰ কথা।

ৰাজ্য সভাতো শাসকীয় পক্ষ বিজেপি সৰ্বাধিক সদস্য (৮৩) থকা দল।

বিজেপিৰ সদ্য বিচ্ছেদিত মিত্ৰ শিৱসেনাই বিধেয়কখন সমৰ্থন কৰিব বুলি প্ৰকাশ কৰিছে।

সোমবাৰে উত্থাপিত বিধেয়কখন পূৰ্বৰখনতকৈ কিছু সালসলনি কৰা হৈছে।

২০১৬ চনত তদানীন্তন গৃহ মন্ত্ৰী ৰাজনাথ সিঙে প্ৰথমবাৰৰ বাবে নাগৰিকত্ব বিধেয়ক, ২০১৬ উত্থাপন কৰিছিল।

বিজেপি নেতৃত্বাধীন যোৱা চৰকাৰৰ কাৰ্য্যকালত লোক সভাত বিধেয়কখন গৃহীত হৈছিল যদিও অন্তিম মুহূৰ্তত ইয়াক উচ্চ সদনত দাখিল কৰা হোৱা নাছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

আদানী কয়লা খনি প্ৰকল্পত বন অধিকাৰ আইন উলংঘাৰ অভিযোগ কংগ্ৰেছৰ

আদানী কয়লা খনি প্ৰকল্পত বন অধিকাৰ আইন উলংঘাৰ অভিযোগ কংগ্ৰেছৰ

September 12, 2025 2:03 pm
সামৰিক অভ্যুত্থানৰ ষড়যন্ত্ৰ! ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতিক ২৭ বছৰৰ কাৰাদণ্ড

সামৰিক অভ্যুত্থানৰ ষড়যন্ত্ৰ! ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতিক ২৭ বছৰৰ কাৰাদণ্ড

September 12, 2025 1:23 pm
ৰাছিয়াৰ তেল ক্ৰয়ক লৈ ভাৰত, চীনৰ ওপৰত শুল্ক বৃদ্ধি কৰিবলৈ জি-৭ক হেচাঁ আমেৰিকাৰ!

ৰাছিয়াৰ তেল ক্ৰয়ক লৈ ভাৰত, চীনৰ ওপৰত শুল্ক বৃদ্ধি কৰিবলৈ জি-৭ক হেচাঁ আমেৰিকাৰ!

September 12, 2025 1:08 pm
উচ্চতম ন্যায়ালয়ৰ ৰোষত তদন্তকাৰী সংস্থা; তদন্তকাৰীসকলৰ বিৰুদ্ধেও তদন্ত হোৱা উচিত

উচ্চতম ন্যায়ালয়ৰ ৰোষত তদন্তকাৰী সংস্থা; তদন্তকাৰীসকলৰ বিৰুদ্ধেও তদন্ত হোৱা উচিত

September 12, 2025 1:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আদানী কয়লা খনি প্ৰকল্পত বন অধিকাৰ আইন উলংঘাৰ অভিযোগ কংগ্ৰেছৰ

আদানী কয়লা খনি প্ৰকল্পত বন অধিকাৰ আইন উলংঘাৰ অভিযোগ কংগ্ৰেছৰ

September 12, 2025 2:03 pm
সামৰিক অভ্যুত্থানৰ ষড়যন্ত্ৰ! ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতিক ২৭ বছৰৰ কাৰাদণ্ড

সামৰিক অভ্যুত্থানৰ ষড়যন্ত্ৰ! ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতিক ২৭ বছৰৰ কাৰাদণ্ড

September 12, 2025 1:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd