• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উদ্বেগজনক হাৰত নৱজাতকৰ মৃত্যু; ৱেবছাইটত ভুল তথ্যৰে সত্য ঢকাৰ চেষ্টা এন আৰ এইচ্ছ এমৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 10, 2018 3:21 pm
Infant death in Assam

ভুল তথ্যৰ উপস্থাপন বিভাগীয় ৱেবছাইটত।

100
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা প্ৰায় পোন্ধৰতা বছৰত তথাকথিত দক্ষ মন্ত্ৰীৰ অধীনত থকা ৰাজ্যৰ স্বাস্থ্য বিভাগটোৰ উন্নয়নৰ স্বৰূপ উদং খাইছে শেহতীয়াকৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হোৱাৰ শিশুৰ সংখ্যাত। যোৱা ৯ দিনত চিকিৎসালয়খনত প্ৰায় ২০ টি নৱজাতকৰ মৃত্যুৱে সকলোকে উদ্বিগ্ন কৰি তুলিছে।

এই লৈ ৰাজ্যৰ স্বাস্থ্য বিভাগতো হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ইতিমধ্যে গুৱাহাটীৰ পৰা যোৱা এটা তিনিজনীয়া বিশেষজ্ঞৰ দল ঘটনাৰ অনুসন্ধানৰ বাবে চিকিৎসালয়খনত উপস্থিত হৈছেগৈ।

তাৰোপৰি চিকিৎসালয় কৰ্তৃপক্ষই নিজা ববীয়াকৈও এই অস্বাভাৱিক হাৰৰ মৃত্যুৰ ঘটনাৰ তদন্ত কৰাইছে যদিও দায়সৰা প্ৰতিবেদন দিয়াৰ অভিযোগ উঠিছে। নিজা চিকিৎসা বিষয়াৰ দ্বাৰাই তদন্ত কৰোৱা চিকিৎসালয় কৰ্তৃপক্ষৰ নিজৰ দায় সৰা চেষ্টা প্ৰতিবেদনৰ প্ৰতিটো কথাৰ পৰা ওলাই পৰিছে। প্ৰকৃত সত্য লুকুওৱাৰ অভিযোগ আনিছে ভুক্তভোগীয়ে।

ইপিনে মোদীৰ ডিজিটেল ইণ্ডিয়াক উপলুঙা কৰিছে বিভাগটোৱে (এন আৰ এইচ্ছ এম) ইয়াৰ ৱেবছাইটত ভুল তথ্যৰ আপডেইট দি। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিজিটেল ইণ্ডিয়া শ্ল’গানেৰে সকলো স্তৰৰ ৰাইজে পাব পৰাকৈ চৰকাৰী তথ্যবোৰ অনলাইন ৰাখিবলৈ কৰা আহ্বানক এই বিভাগটোৱে মূল্যহীন কথাত পৰিণত কৰিছে।

অৱশ্যে ডিজিটেল ইণ্ডিয়াৰ নামত বিভাগটোৰ ৱেবছাইট nrhmassam.info -আজিলৈকে আপডেইট কৰা আছে। কিন্তু ভুল তথ্যৰে ৱেবছাইটে মানুহক বিপথে পৰিচালিত কৰিছে। ৱেবছাইটটোৰ মতে, নৱেম্বৰ মাহত ১০ তাৰিখলৈকে অৰ্থ্যাৎ আজিলৈকে যোৰহাট জিলাত কোনো নৱজাতকৰ (infant) মৃত্যু হোৱা নাই।

অথচ প্ৰকৃত সত্যটো হ’ল জিলাখনৰ কথা বাদেই দিলো, কেৱল যোৰহাট চিকিৎসা মহাবিদ্যালয়তে বিগত ৯ দিনত প্ৰায় ২০টি নৱজাতকৰ মৃত্যু হৈছে আৰু ৰাজ্যত ইতিমধ্যে ইয়াক লৈ সৰৱ হৈছে বিভিন্ন পক্ষ।

মন কৰিবলগীয়া কথা যে, চলিত মাহত বৰপেটাত ১ টা, ধেমাজি জিলাত ৫ টা, লখিমপুৰত ৬ টা, নলবাৰীত ২টা  নৱজাতকে মৃত্যুক সাবটি লোৱা দেখুওৱা হৈছে ৱেবছাইটটোত। নিজৰ ব্যৰ্থতা ঢাকিবলৈ চেষ্টা কৰা স্বাস্থ্য বিভাগে ৰাজ্যখনত চলিত মাহটোত আজিলৈকে মুঠ ১৪ টা নৱজাতকেহে মৃত্যুক সাবটি লোৱা বুলি দেখুৱাইছে।

উল্লেখযোগ্য যে যোৱা ১ নৱেম্বৰৰ পৰা ৭ নৱেম্বৰলৈকে চিকিৎসালয়খনত ১৫টিকৈ নৱজাতকৰ মৃত্যু হৈছিল। ইয়াৰ ভিতৰত ৬ নৱেম্বৰৰ দিনাই ৬টি শিশুৰ মৃত্যু হৈছিল। নহাতে ৭ আৰু ৯ নৱেম্বৰৰ মাজতো পুনৰ ৩টি শিশুৰ মৃত্যু হয়।

আনহাতে, সফলতাৰ ঢাক-ঢোল কোবোৱা ৰাজ্যৰ স্বাস্থ্য বিভাগতে চলিত বৰ্ষৰ এপ্ৰিল মাহৰ পৰা নবেম্বৰ মাহলৈকে ৩৩৫৭ টা নৱজাতকে মৃত্যুক আকোৱালি লৈছে। ইয়াৰে ৰাজ্যৰ ২৩ খন জিলাত এপ্ৰিল মাহত মৃত্যু হৈছে ৪৭৮ টা নৱজাতক, মে’ মাহত ৪৬১ টা, জুনত ৪৬৪ টা, জুলাই মাহত ৫০৭ টা, আগষ্ট মাহত ৫৪৯ টা, চেপ্তেম্বৰত ৪৯৩ টা, অক্টোবৰ মাহত ৩৯১ টা নৱজাতকে ইতিমধ্যে মৃত্যুক সাবটি লৈছে। ইয়াৰোপৰি ৰাজ্যত গড় হিচাপত প্ৰতি মাহে ৫২১ টা নৱজাতকে মৃত্যুক সাবটি লোৱা বুলি ৱেবছাইটতৰ তথ্যত ফাদিল হৈছে।

কিন্তু এই তথ্যবোৰো কিমান বিশ্বাসযোগ্য তাক লৈ সন্দেহৰ উদ্ৰেক হৈছে। চৰকাৰী ৱেবছাইটত সঠিক তথ্য নিদি চৰকাৰী বিভাগৰ ব্যৰ্থতা ঢাকি ৰখাৰ চেষ্টা চলাৰ অৱকাশ নথকা নহয়। ৰাজ্যখনৰ স্বাস্থ্য বিভাগে জনসাধাৰণৰ পৰা যদি প্ৰকৃত তথ্য লুকুৱাইছে মোদীৰ ডিজিটেল ইণ্ডিয়াৰ ধাৰণাকো উপলুঙা কৰাৰ দৰেই হৈছে।

JMCJ_Infant
ভুল তথ্যৰ উপস্থাপন বিভাগীয় ৱেবছাইটত।

ৱেবছাইটটোৰ মতে, ৰাজ্যখনৰ প্ৰত্যেক জিলা হিচাপত চাবলৈ গ’লে কাছাৰ জিলাত নৱজাতকৰ মৃত্যুৰ হাৰ সৰ্বাধিক। কাছাৰ জিলাত এপ্ৰিল মাহত ৮৫ টা, মে’ মাহত ৭২ টা, জুনত ৭১, জুলাইত ৬৩, আগষ্টত ৫৬, চেপ্তেম্বৰত ৮৩, অক্টোবৰত ১২৮ টাৰ বিপৰীতে চলিত মাহত এটাও নৱজাতকৰ মৃত্যু নোহোৱাৰ কথা প্ৰকাশ কৰিছে চৰকাৰী তথ্যত। কাছাৰ জিলাত বিগত ৮ মাহত সৰ্বমুঠ ৫৫৮ টা নৱজাতকে মৃত্যুক সাবটি লৈছে, যিটো অতি উদ্বেগজনক কথা।

ৰাজ্যখনত সংঘটিত হৈ থকা ঔষধ কেলেংকাৰিৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি সৰব হৈঅহা দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ সভাপতি ধৰ্মকান্ত গগৈয়ে নৱজাতকৰ মৃত্যুৰ হাৰৰ এই উচ্চ হাৰৰ কথা জানিব পাৰি ইয়াৰ এক উচ্চ পৰ্য্যায়ৰ তদন্ত দাবী কৰিছে।

তেওঁ লগতে নৰ্থ ইষ্ট নাওৰ আগত কয় ‘ৰাষ্ট্ৰীয় স্বাস্থ্য মিশ্যনৰ জৰিয়তে শিশু আৰু প্ৰসূতিক নিম্নমানৰ ভিটামিন,দৰব খুওৱাৰ ফলত-নৱজাতক শিশুৰ যি ধৰণেৰে শ্ৰী বৃদ্ধি হ’ব লাগে নহয় আৰু প্ৰসৱকালীন মৃত্যুৰ সংখ্যা বৃদ্ধি পায়। দ্বিতীয়তে চৰকাৰী চিকিৎসালয় সমূহত পৰ্যাপ্ত ডাক্টৰ,নাৰ্ছ,চিকিৎসাৰ সামগ্ৰীৰ অভাৱৰ লগত সু-ব্যৱস্থা নথকাৰ ফলত এনেধৰণে নৱজাতকে মৃত্যুক সাবটি লৈছে।‘

দুৰ্নীতি বিৰোধী যুৱ শক্তিৰ উপৰি, সদৌ অসম ছাত্ৰ সন্থায়ো ৰাজ্যত অবাধ হাৰত বৃদ্ধি পোৱা নৱজাতকৰ মৃত্যুৰ বিষয়টো গুৰুত্বসহকাৰে লৈ এক উচ্চ পৰ্য্যায়ৰ দাবী কৰিছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

৪৫ বছৰ বয়সত গ্ৰেণ্ড শ্লেম খেলিব ভেনাছে; ৪৪ বছৰ পুৰণি অভিলেখ ভংগৰ দিশে ছেৰেনাৰ ভগ্নী!

৪৫ বছৰ বয়সত গ্ৰেণ্ড শ্লেম খেলিব ভেনাছে; ৪৪ বছৰ পুৰণি অভিলেখ ভংগৰ দিশে ছেৰেনাৰ ভগ্নী!

August 14, 2025 9:30 pm
‘গৰু চুৰি-ভোট চুৰিৰ পিছত এইবাৰ মাটি চুৰিত লিপ্ত বিজেপি; হিমন্ত বিশ্ব শৰ্মা জনজাতি বিৰোধী মুখ্যমন্ত্ৰী’-কংগ্ৰেছ

‘গৰু চুৰি-ভোট চুৰিৰ পিছত এইবাৰ মাটি চুৰিত লিপ্ত বিজেপি; হিমন্ত বিশ্ব শৰ্মা জনজাতি বিৰোধী মুখ্যমন্ত্ৰী’-কংগ্ৰেছ

August 14, 2025 8:56 pm
মংগল গ্ৰহত ৰহস্যময় ‘হেলমেট আকৃতিৰ’ শিল বিচাৰি পালে নাছাৰ ৰোভাৰে

মংগল গ্ৰহত ৰহস্যময় ‘হেলমেট আকৃতিৰ’ শিল বিচাৰি পালে নাছাৰ ৰোভাৰে

August 14, 2025 7:55 pm
তিনিচুকীয়াত আলফা স্বাধীন, এনএছচিএনৰ সৈতে জড়িত বৃহৎ পৰিমানৰ বিস্ফোৰক জব্দ

তিনিচুকীয়াত আলফা স্বাধীন, এনএছচিএনৰ সৈতে জড়িত বৃহৎ পৰিমানৰ বিস্ফোৰক জব্দ

August 14, 2025 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৪৫ বছৰ বয়সত গ্ৰেণ্ড শ্লেম খেলিব ভেনাছে; ৪৪ বছৰ পুৰণি অভিলেখ ভংগৰ দিশে ছেৰেনাৰ ভগ্নী!

৪৫ বছৰ বয়সত গ্ৰেণ্ড শ্লেম খেলিব ভেনাছে; ৪৪ বছৰ পুৰণি অভিলেখ ভংগৰ দিশে ছেৰেনাৰ ভগ্নী!

August 14, 2025 9:30 pm
‘গৰু চুৰি-ভোট চুৰিৰ পিছত এইবাৰ মাটি চুৰিত লিপ্ত বিজেপি; হিমন্ত বিশ্ব শৰ্মা জনজাতি বিৰোধী মুখ্যমন্ত্ৰী’-কংগ্ৰেছ

‘গৰু চুৰি-ভোট চুৰিৰ পিছত এইবাৰ মাটি চুৰিত লিপ্ত বিজেপি; হিমন্ত বিশ্ব শৰ্মা জনজাতি বিৰোধী মুখ্যমন্ত্ৰী’-কংগ্ৰেছ

August 14, 2025 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd