কৰ’না মহামাৰীৰ অভিকেন্দ্ৰ চীনৰ উহান চহৰত ক্ৰমাৎ স্বাভাৱিক হৈ আহিছে জীৱন যাত্ৰা!

unnamed

উহান চহৰৰ শেহতীয়া দৃশ্য।

কৰ’নাভাইৰাছ মহামাৰী আৰম্ভ হোৱা চীনৰ হুবেই প্ৰদেশৰ উহান চহৰত প্ৰায় দুমাহতকৈয়ো অধিক সময় আইছ’লেশ্যনৰ পাছত আংশিকভাৱে স্বাভাৱিক জীৱন যাত্ৰা ঘুৰি আহিছে।

বৃহস্পতিবাৰ আৰু শুকুৰবাৰে ইয়াৰ বাসিন্দাসকলে বাহিৰলৈ আহি পথৰ খাদ্য গ্ৰহণ কৰা দেখা গৈছিল।

প্ৰদেশখনৰ ৰাজধানী চহৰ উহানত ৫০,০০০তকৈয়ো অধিক লোক কৰ’নাভাইৰাছত আক্ৰান্ত হৈছিল। এই ৰোগৰ ফলত হুবেইত কমেও ৩,০০০লোক মৃত্যুমুখত পৰিছে।

চীনৰ চৰকাৰী তথ্য অনুসৰি, নতুন সংক্ৰমণৰ ঘটনা নাটকীয়ভাৱে হ্ৰাস পাইছে।

যোৱা ২৮ মাৰ্চত ইয়াৰ আগদিনা প্ৰদেশখনত ৫৪টা নতুন ঘটনা পোহৰলৈ আহিছিল যদিও সেয়া বাহিৰৰ পৰা অহা বুলি কোৱা হৈছে।

চহৰখনৰ বাসিন্দাসকলে লাহে লাহে ৰাস্তালৈ ওলাই আহিবলৈ লৈছে। ইয়াৰে বহুতে যোৱা ২৩ জানুৱাৰিৰ পাছত প্ৰথমবাৰলৈ বাহিৰলৈ আহিছে।

স্বেচ্ছাসেৱকসকলে স্বাভাৱিক কাৰ্যকলাপ বৃদ্ধিৰ বাবে ৰাজহুৱা স্থানসমূহক সংক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ প্ৰস্তুতি চলাই আছে।

বেচৰকাৰী সংস্থা ব্লু স্কাই ৰেছকিউ টীমৰ স্বেচ্ছাসেৱকসকলে উহানৰ কুইনটাই গ্ৰেণ্ড থিয়েটাৰক বীজাণুমুক্ত কৰি তুলিছে।

বাহিৰৰ পৰা অহা ঘটনাসমূহ নিয়ন্ত্ৰণ কৰিবলৈ অহৰহ প্ৰচেষ্টা চলাই থকা চীনে সকলো বিদেশী পৰ্যটকৰ ওপৰত সাময়িকভাৱে নিষেধাজ্ঞা জাৰি কৰিছে।

তদুপৰি, দেশখনে চীনা বা বিদেশী বিমানসেৱা আধা যাত্ৰীৰে সপ্তাহত মাত্ৰ এবাৰলৈ সীমিত কৰিছে।

এইদৰে চহৰখনত কৰ’নাৰ বিভীষিকা প্ৰায় আঁতৰি গৈছে আৰু ক্ৰমে স্বাভাৱিক জীৱন যাত্ৰাৰ প্ৰতি অগ্ৰসৰ হৈছে।