১০ অক্টোবৰৰ পৰা মাজুলীত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কাৰ্যনিবাহক সভা

Screenshot_20181009-171748_Video Player

 

১০ আৰু ১১ অক্টোবৰত মাজুলীত অনুষ্ঠিত হ’ব বিজেপিৰ কাৰ্যনিৰ্বাহক সভা। কাৰ্যনিবাহক সভাত বিভিন্ন ৰাজনৈতিক প্ৰস্তাৱ গ্ৰহণ তথা পৰিস্থিতিৰ পৰ্যালোচনাৰ লগতে আগন্তুক লোকসভা নিৰ্বাচন সম্পৰ্কটো আলোচনা চলিব। উক্ত কাৰ্যনিবাহক সভাত ৪২৫ গৰাকী কাৰ্যনিবাহক সদস্যৰ লগতে ৬০০ গৰাকী প্ৰতিনিধি উপস্থিত থাকিব।

১০ অক্টোবৰত পতাকা উত্তোলন কৰিব বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাসে। পিছদিনা পুৱা ৯-০০ বজাৰ পৰা বিভিন্ন ৰাজনৈতিক প্ৰস্তাৱ গ্ৰহণৰ লগতে ৰাজনৈতিক পৰিস্থিতিৰ পৰ্যালোচনা অনুষ্ঠিত হব। কাৰ্যনিবাহক সভাখনত ৰাষ্ট্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰামলালে অংশ গ্ৰহণ কৰিব। মাজুলী মহাবিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত হ’বলগীয়া কাৰ্যনিবাহকলৈ অহা অতিথিসকলক আদৰিবৰ বাবে ৩২খন তোৰণৰ ব্যৱস্থা কৰিছে। ৬০০প্ৰতিনিধিয়ে নিশা কটাব পৰাকৈ মাজুলীত আন্ত:গাঁথনি নোহোৱাত মাজুলীবাসীৰ ঘৰে ঘৰে আপ্যায়নৰ ব্যৱস্থা কৰা হৈছে।