২৫ জুলাইত বজাৰলৈ আহিব স্মাৰ্ট ফোন জিঅ’মি এম আই এ-৩ (Xiaomi Mi A3); দহগৰাকী গ্ৰাহকে লাভ কৰিব পোলেণ্ডলৈ যোৱাৰ সুবিধা

Xiomi MIA3

এম আই এ-৩ উৎস-ইণ্টাৰনেট

নতুনকৈ মুকলি হ’বলগীয়া জিঅ’মিৰ নতুন স্মাৰ্ট ফোন এম আই এ৩ অৱশেষত বজাৰলৈ আহিবৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। কোম্পানীটোৱে স্মাৰ্টফোনটো গ্ৰাহকসকলৰ বাবে উদ্বোধনৰ দিন ঠিক কৰিছে। সেই অনুসৰি অহা ২৫ জুলাইত পোলেণ্ডৰ ৱাৰশ্বোত এম আই-৩ আনুষ্ঠানিকভাৱে মুকলি কৰি দিয়া হ’ব।

৩ সংখ্যাটোৰ নিচিনাকৈ স্থাপন কৰা আকৰ্ষণীয় ৰেয়াৰ ট্ৰিপ’ল কেমেৰাৰে এম আই এ-৩য়ে গ্ৰাহকক আকৰ্ষণ কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰা গৈছে। নিৰ্মাতা কোম্পানীটোৱে এম আই এ-৩ক অলপতে মুকলি কৰি দিয়া এম আই চি চি-৯ইৰ বিকল্প হিচাপে বজাৰত মুকলি কৰি দিব বুলি ধাৰণা কৰা হৈছে।

জুলাইৰ ২৫ তাৰিখে পোলেণ্ডত অনুষ্ঠিত হ’বলগীয়া উদ্বোধনী অনুষ্ঠান সম্বন্ধে কোম্পানীটোৱে ব্লগস্পষ্টত জিঅ’মিৰ মুকলি অনুষ্ঠানলৈ এম আইৰ কিছুসংখ্যক ব্যৱহাৰকাৰীকো আমন্ত্ৰণ জনোৱা হ’ব আৰু ইয়াৰ বাবে ১৬ জুলাইলৈ পঞ্জীয়ণ গ্ৰহণ কৰা হ’ব।

নিৰ্দিষ্ট এম আইৰ গ্ৰাহকসকলৰ ভিতৰত ১০ গৰাকী গ্ৰাহকে পোলেণ্ডত হ’বলগীয়া উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণৰ সুবিধা লাভ কৰিব। গ্ৰাহকসকলে তেওঁলোকে কিয় অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব বিচাৰে আৰু তেওঁলোক বৰ্তমান ক’ত বাস কৰে সেই সম্বন্ধে জনাব লাগিব।

উল্লেখযোগ্য যে, জিঅ’মি এম আই এ-৩ৰ বৰ্তমানলৈ কোনোধৰণৰ আনুষ্ঠানিক মডেলৰ ছবি মুকলি কৰি দিয়া হোৱা নাই। ইণ্টাৰনেটত ভাইৰেল হোৱা দুখনমান ছবিত ফোনটো নোটছ ডিচপ্লে আৰু ট্ৰিপ’ল ৰিয়াৰ কেমেৰাযুক্ত হ’ব বুলি অনুমান কৰা হৈছে।

ফোনটোৰ পাছফালে এন্ড্ৰইড লগো থকাৰ লগতে ৬.০৮ ইঞ্চিৰ ডিচপ্লেযুক্ত স্মাৰ্টফোনটোত ৪০৩০ এম এ এইচ বেটাৰী আৰু ৪৮ মেগাপিক্সেল শক্তিশালী কেমেৰাৰ সুবিধা উপলব্ধ হ’ব।