NORTHEAST NOW (Assamese)

বিশ্বজুৰি ই-মে’ইল ডাউন য়াহুৰ, বিপদত ইউজাৰ

September 5, 2019 8:03 pm · এন ই নাও নিউজ
Updated: September 5, 2019 8:16 pm
প্ৰতীকী ছবি।

য়াহু মে’ইল আৰু ৱে’বছাইট ডাউন হৈছে, আৰু বিশ্বজুৰি বিপদত পৰিছে বহু ব্যৱহৃত চাৰ্চ এঞ্জিন আৰু ই-মে’ইল চাৰ্ভিচটোৰ ইউজাৰসকল।

গুগলৰ পিছতে সৰ্বাধিক জনপ্ৰিয় ই-মে’ইল চাৰ্ভিচটো ভাৰতীয় সময়মতে বৃহস্পতিবাৰে দুপৰীয়া ১২.০৮ বজাৰ পৰা ডাউন হৈছে।

আধুনিক জীৱনৰ এৰাব নোৱাৰা প্ৰয়োজন ই-মে’ইলটো ডাউন হোৱাৰ ফলত বিশ্বজুৰি য়াহু ব্যৱহাৰকাৰীৰ মাজত হাহাকাৰ সৃষ্টি হৈছে।

সন্মুখীন হোৱা সমস্যা বহুতে চ’চিয়েল মিডিয়াত ইতিমধ্যে ৰাজহুৱা কৰিছে।

ৱে’বছাইটটো ডাউন হোৱাৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও বিষয়টোৰ সত্যতা য়াহুৰ শেহতীয়া এটা টুইটৰ পৰা স্পষ্ট হৈছে।

“ই-মে’ইলকে ধৰি আমাৰ কিছুমান সেৱাত আপুনি প্ৰৱেশ কৰিব নোৱাৰিব পাৰে। বৰ্তমান আমি সৰ্বাধিক অগ্ৰাধিকাৰ দিছো ইয়াক ঠিক কৰাত। আপোনাৰ ধৈৰ্য্যৰ আমি শলাগ লওঁ,” য়াহু গ্ৰাহক সেৱাৰ টুইট।

বহুলভাৱে ব্যৱহৃত ই-মে’ইলটো ডাউন হোৱাত ইউজাৰৰ মাজত সৃষ্টি হোৱা ক্ষোভৰ মোকাবিলা কৰাৰ বাবে য়াহু গ্ৰাহক সেৱাই আন এটা টুইটো কৰিছে: আমি বুজিছো আপোনাৰ বাবে ই কিমান কঠিন হৈছে।

বেংলুৰু, মুম্বাইকে ধৰি ভাৰতৰ গুৰুত্বপূৰ্ণ চহৰসমূহ এতিয়াও এই অসুবিধা প্ৰকট হোৱা নাই। কিন্তু, ইতিমধ্যে মালয়েছিয়া আৰু ইন্দোনেছিয়াত সমস্যাটোৱে দেখা দিছে।

প্ৰায় সমগ্ৰ ইউৰোপতে য়াহু সেৱা ডাউন হৈছে। এমেৰিকাৰো নিউ য়ৰ্ক, লছ এঞ্জেলছ, ছেন ফ্ৰেন্সিস্ক’ আদিতো য়াহু ডাউন হৈছে।

বেছিভাগ সেৱাই পুনৰ অনলাইন কৰিবলৈ সক্ষম হোৱা বুলি জনাই গ্ৰাহকৰ প্ৰতি  ক্ষমা প্ৰাৰ্থনাৰে য়াহু কেয়াৰে কিছু সময় পূৰ্বে আন এটা টুইট কৰিছে।

Related News