Yamaha RX100: ভাৰতৰ ৰাজপথলৈ উভতি আহিছে এই জনপ্রিয় বাইক! কেতিয়া আহিব বজাৰলৈ?

Yamaha RX100 নাম ভাৰতৰ মটৰচাইকেল প্ৰেমীসকলৰ মাজত অতি পৰিচিত। বয়স, ভাষাৰ সীমা অতিক্ৰমি এই মটৰচাইকেল সাধাৰণ লোকসকলৰ হৃদয়ত স্থান লাভ কৰিছে। বাইকখন ১৯৮৫ চনৰ পৰা ১৯৯৬ চনলৈ য়ামাহাই প্ৰস্তুত কৰিছিল। এই বাইকখনৰ বিভিন্ন অংশ এতিয়াও উপলব্ধ। এতিয়া এই আইকনিক মটৰচাইকেলখন ভাৰতৰ ৰাজপথলৈ ঘূৰাই আনিব বিচাৰিছে য়ামাহাই।

এক শেহতীয়া সাক্ষাৎকাৰত ভাৰতৰ য়ামাহাৰ অধ্যক্ষ ইশিন চিহানাই কয় যে যদিও আগতে RX100 মুকলি কৰাৰ কোনো পৰিকল্পনা নাছিল, কোম্পানীটোৱে এতিয়া এই আইকনিক মটৰচাইকেলখন ঘূৰাই আনিব বিচাৰিছে। ইয়াৰ অৰ্থ হৈছে যে RX100 মটৰচাইকেলখন সোনকালেই ভাৰতৰ ৰাজপথলৈ ঘূৰি আহিব পাৰে।

অৱশ্যে, এই মটৰচাইকেলখন পুৰণি ২-ষ্ট্ৰোক ইঞ্জিনত মুকলি কৰা নহয়। পুৰণি ২-ষ্ট্ৰোক 100 CC ইঞ্জিনত এই মটৰচাইকেলখনে কেতিয়াও BS6 নিৰ্গমন নিয়ম অনুসৰণ  কৰিব নোৱাৰিব।

RX100 নাম দি যি কোনো বাইক মুকলি কৰিব নোৱাৰে Yamahaই । কাৰণ নতুন আৰ্হিটোত পুৰণি মডেলটোৰ ডিজাইনৰ ছাপ থাকিব লাগিব। যদিও আধুনিক সুবিধা থাকিইলেও এই বাইকখন ৰেট্ৰো ডিজাইনত মুকলি কৰিব পাৰে। আগতে এই আইকনিক মডেলটো ইয়াৰ দুৰ্দান্ত প্ৰদৰ্শনৰ বাবে জনপ্ৰিয় আছিল। কোম্পানীটোৱে সেই প্ৰত্যাশা পূৰণ কৰিব লাগিব।

য়ামাহাৰ ২০২৫ চনলৈকে সকলো বোৰ মুকলি কৰাৰ লক্ষ্য ঠিক কৰি ৰাখিছে। ইয়াৰ অৰ্থ হৈছে নতুন RX100 ২০২৬ চনৰ আগতে মুকলি হোৱাৰ সম্ভাৱনা নাই। য়ামাহাই বৰ্তমান ভাৰতত 125CC স্কুটাৰ, 150 CC স্পৰ্টছ আৰু ষ্ট্ৰীট মটৰচাইকেল আৰু 250 CC ষ্ট্ৰীট বাইক বিক্ৰী কৰে। শেহতীয়াকৈ  এই মডেলবোৰৰ মূল্য বৃদ্ধি হৈছে। য়ামাহাই শীঘ্ৰেই ভাৰতত প্ৰিমিয়াম পাৰ্ফমেন্স মডেল মুকলি কৰাৰ বাবে সাজু হৈছে।

ইশিন চিহানাই এইটোও কয় যে বিভিন্ন স্কুটাৰৰ পৰীক্ষমূলক চালনা ইতিমধ্যে আৰম্ভ হৈছে। এই মডেলবোৰ ২০২৫ চনত মুকলি কৰা হ’ব। জাপানী কোম্পানীটোৱে বিদেশৰ বজাৰত বিক্ৰী হোৱা বৈদ্যুতিক স্কুটাৰৰ কিছুমান মডেল বিদেশৰ পৰা আমদানি কৰি ভাৰতত বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছে।

য়ামাহাৰ বৰ্তমান ভাৰতত দুটা উৎপাদন গোট আছে। তাৰে এটা গ্ৰেটাৰ নয়ডাত আৰু আনটো চেন্নাইত অৱস্থিত। য়ামাহাই ভাৰতত নিৰ্মিত স্কুটাৰ আৰু মটৰচাইকেল বিশ্বৰ ৩০ খন দেশলৈ ৰপ্তানি কৰে।