আপোনালোকে আপোনালোকৰ খাদ্য খাওক, আমি আমাৰ খাম : মন্ত্ৰীৰ অনুৰোধ অস্বীকাৰ কৃষকৰ

কৃষক সংগঠনৰ প্ৰতিনিধি আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত আজি অনুষ্ঠিত হোৱা সপ্তমলানি বৈঠকখন পূৰ্বৰ তুলনাত কিছু পৃথক হিচাপে বিবেচিত হৈছে।

কৃষক-চৰকাৰৰ মাজৰ আলোচনা আজিও যে বিফল সেয়া স্পষ্ট হৈ পৰে যেতিয়া কৃষকসকলে মন্ত্ৰীসকলৰ লগত ভোজন নকৰি নিজে লগত লৈ অহা খাদ্য গ্ৰহণ কৰে।

সোমবাৰে নতুন দিল্লীৰ বিজ্ঞান ভৱনত কৃষক সংগঠনৰ প্ৰতিনিধিৰ লগত চৰকাৰৰ হৈ কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰ, ৰেল আৰু বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেল আৰু বাণিজ্য ৰাজ্যিক মন্ত্ৰী সোম প্ৰকাশে আলোচনাত অংশ লয়।

আলোচনাৰ পূৰ্বে, দুয়ো পক্ষই কৃষক বিক্ষোভত প্ৰাণ হেৰুওৱা কৃষকসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

মন্ত্ৰী আৰু কৃষক সংগঠনৰ প্ৰতিনিধিসকলে প্ৰতিবাদত প্ৰাণ হেৰুওৱা কৃষকসকলৰ আত্মাৰ শান্তি বিচাৰি দুই মিনিট মৌনতা অৱলম্বন কৰে।

কিছু সময় আলোচনাৰ পিছত যেতিয়া মন্ত্ৰীসকলে কৃষকসকলক একেলগে ভোজন কৰিবলৈ কয় তেতিয়া কৃষকৰ প্ৰতিনিধি দলে তেওঁলোকৰ অনুৰোধ পোনছাতেই নাকচ কৰে।

মন্ত্ৰী তিনিজনক কৃষকে কয়, ‘আজি আপোনালোকৰ লগত খাদ্য গ্ৰহণ নকৰো। আপোনালোকে আপোনালোকৰ খাদ্য খাওক, আমি আমাৰ খাম’।

একেলগে ভোজন গ্ৰহণৰ অনুৰোধ অস্বীকাৰ কৰা কাৰ্যত স্পষ্ট হৈ পৰিছে যে দুয়ো পক্ষৰ মাজত হোৱা সপ্তমলানি আলোচনাও বিফল।

উল্লেখ্য যে ইয়াৰ আগৰ আলোচনাত কৃষক প্ৰতিনিধি আৰু মন্ত্ৰীসকলে একেলগে খাদ্য গ্ৰহণ কৰিছিল।

জানিব পৰা মতে, আজিৰ বৈঠকতো কৃষকসকলে নতুন কৃষি আইন তিনিখন বাতিলৰ দাবীত অলৰ-অচৰ আছে।