NORTHEAST NOW (Assamese)

এবাৰ চাৰ্জ দিলে চলিব ১৫০ কিঃমিঃ, এইখন স্কুটিৰ দাম শুনিলে আপুনিও হ’ব আচৰিত..

May 14, 2023 8:05 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 13, 2023 8:04 pm

সময়ৰ লগে লগে বৈদ্যুতিক বাহনৰ ব্যৱহাৰ আৰু চাহিদা লাহে লাহে বৃদ্ধি পাইছে। মূলতঃ ইন্ধনৰ মূল্য বৃদ্ধিৰ পৰা হাত সাৰিবলৈ আৰু পৰিৱেশ প্ৰদূষণ হ্ৰাস কৰিবলৈ বহু লোক ইলেক্ট্ৰনিক বাহনৰ ব্যৱহাৰৰ প্ৰতি আকৰ্ষিত হয়।

এনে পৰিস্থিতিত কোম্পানীসমূহে গ্ৰাহকৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি বজাৰলৈ লৈ আনিছে এখন নতুন বৈদ্যুতিক বাহন।

মূলতঃ হায়দৰাবাদস্থিত ইলেক্ট্ৰিক দুচকীয়া বাহন নিৰ্মাতা কোম্পানী পিউৰ ইভিয়ে শেহতীয়াকৈ মুকলি কৰিছে ইপ্লুটো ৭জি প্ৰইলেক্ট্ৰিক স্কুটাৰ। যাৰ দাম এক লাখ টকাতকৈ কম। ইতিমধ্যেই বাহনৰ্খনৰ বুকিংও মুকলি কৰা হৈছে।

গ্ৰাহকে অফিচিয়েল ডিলাৰশ্বিপৰ জৰিয়তে এই স্কুটীখন বুকিং কৰিব পাৰিব আৰু ইয়াৰ ডেলিভাৰীও অতি সোনকালে আৰম্ভ কৰা হব।

উল্লেখ্য যে  এই ePluto 7G Pro ইলেক্ট্ৰিক স্কুটাৰ তিনিটা ৰঙত উপলব্ধ। কলা, ধূসৰ আৰু বগা। ৰেট্ৰলুকৰ সৈতে এই ইলেক্ট্ৰিক স্কুটাৰত আছে এল ই ডি হেডলেম্পৰ লগতে ঘূৰণীয়া এল ই ডি ডি আৰ এল।

ePluto 7G Pro ইলেক্ট্ৰিক স্কুটাৰখন AIS 156 প্ৰমাণিত 3kWh বেটাৰীৰ দ্বাৰা চালিত। লগতে বাহনখনত আছে ১.৫ কিলোৱাট ইলেক্ট্ৰিক মটৰ।

এই স্কুটাৰখনে ১০০ৰ পৰা ১৫০ কিলোমিটাৰ দূৰত্বৰ ৰেঞ্জ দিবলৈ সক্ষম। যিটো Ola S1 Air য়ে দাবী কৰা ৰেঞ্জতকৈ বেছি। ইয়াৰ উপৰিও ইয়াত তিনিটা ৰাইডিং মোডৰ ব্যৱস্থা আছে।

লাভ কৰা তথ্য অনুসৰি এপ্লুটো ৭জি প্ৰইলেক্ট্ৰিক স্কুটাৰৰ এক্স শ্বৰুম মূল্য ৯৪,৯৯৯ টকা।

Related News