অকলে থকাৰ বেজাৰ কেৱল প্ৰেমিকা নথকা সকলেহে বুজে। যৌৱনকালটো প্ৰেম অবিহনে পাৰ কৰাটো এক প্ৰকাৰৰ নৰক যন্ত্ৰণাৰ দৰে। সেইবাবেই অকলশৰীয়া সকলে প্ৰেমৰ সন্ধান কৰে।
আজি আমি আপোনালোকক এনে ঘটনাৰ কথা ক’ম, যিটো গম পোৱাৰ পিছত আচৰিত হৈ পৰিব আপোনালোক। শেহতীয়াকৈ এজন ব্যক্তিয়ে প্ৰেমিকা লাভৰ ইচ্ছা মনত লৈ প্ৰায় ২০০০ কিলোমিটাৰ যাত্ৰা কৰি এটা মন্দিৰত উপস্থিত হয়। মন্দিৰত গৈ তেওঁ ভগৱানক প্ৰেমিকাবিহীন জীৱনৰ দুৰ্দশাৰ কথা কয় আৰু এগৰাকী প্ৰেয়সী বিচাৰি ভগৱানক মিনতি কৰে।
কেৱল সেয়াই নহয়, এই ঘটনাৰ এটা ভিডিঅ’ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ইফালে ভিডিঅ’টোত এটা স্পীকাৰ হাতত লৈ ভগৱান বুদ্ধৰ বৃহৎ প্ৰতিমূৰ্তিৰ সন্মুখত প্ৰাৰ্থনা কৰা দেখা গৈছে। প্ৰেয়সীৰ উপৰিও কোটিপতি হোৱাৰ হেঁপাহ, গাড়ী আৰু ঘৰৰ বাবেও প্ৰাৰ্থনা কৰে যুৱকজনে।
চাউথ চাইনা মৰ্নিং পোষ্টৰ তথ্য অনুসৰি এই ভিডিঅ’টো চীনৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ডৌইনত ঝাং উপাধিৰ এজন ব্যক্তিয়ে শ্বেয়াৰ কৰিছে।
“প্ৰভু, মোৰ বয়স ২৭ বছৰ আৰু মোৰ গাড়ী বা প্ৰেমিকা নাই। মই প্ৰথমে ধনী হ’ব বিচাৰো। মই মাত্ৰ এক কোটি ইউয়ান (ভাৰতীয় মুদ্ৰাত প্ৰায় ১২ কোটি টকা) বিচাৰো। লগতে ধুনীয়া আৰু মোক ভালপোৱা এগৰাকী প্ৰেমিকা বিচাৰো।”- এইদৰে ভগৱানৰ মূৰ্ত্তিৰ সমুখত হাতযোৰ কৰি প্ৰাৰ্থনা কৰে যুৱকজনে।
চীনৰ ঝেজিয়াং প্ৰদেশৰ পৰা ২০০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি ছিচুয়ান প্ৰদেশৰ বৌদ্ধ মন্দিৰ লেছান জায়েন্ট বুদ্ধত উপস্থিত হৈ যুৱকজনে ভগৱানলৈ এই নিবেদন আগবঢ়য়।
উল্লেখ্য যে উক্ত বৌদ্ধ মন্দিৰটোত তাত ভগৱান বুদ্ধৰ বিশাল প্ৰতিমূৰ্তি আছে। শ শ বছৰ আগতে টাং বংশই এই মন্দিৰটো নিৰ্মাণ কৰিছিল।