NORTHEAST NOW (Assamese)

চেলেঞ্জত জয়ী হ’বলৈ খাইছিল ১৫০ টা ম’ম’, খাই বৈ ইহলীলা সম্বৰণ যুৱকৰ

July 15, 2023 5:09 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: July 15, 2023 5:29 pm

ম’ম’ বহুতৰে প্ৰিয় খাদ্য। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যে এই ম’ম’ৰ বাবেই কাৰোবাৰ জীৱন হেৰাই যাব পাৰে! 

এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে বিহাৰৰ গোপালগঞ্জ জিলাত। স্থানীয় সূত্ৰ অনুসৰি মৃত যুৱকজনৰ নাম বিপিন পাছৱান। বিপিন থাৱৰ সিহোৰাও গাঁৱৰ বাসিন্দা বিষুন মঞ্জীৰ পুত্ৰ। ২৩ বছৰীয়া যুৱকজন আছিল মোবাইল ফোন মেকানিক। 

পৰিয়ালৰ সদস্যই জনোৱা মতে, বিপিনে সচৰাচৰৰ দৰে নিজৰ মোবাইল দোকানত কাম কৰি আছিল। কামৰ সময়ত বন্ধু-বান্ধৱীয়ে ফোন কৰাত দোকানখন বন্ধ কৰি বন্ধু-বান্ধৱীৰ লগত সিৱানৰ গ্নানী মোৰত ম’ম’ খাবলৈ গ’ল বিপিন। তাত তেওঁৰ বন্ধুসকলে তেওঁক প্ৰচুৰ পৰিমাণে ম’ম’ খাবলৈ প্ৰত্যাহ্বান জনায়।  পলম নকৰাকৈ প্ৰত্যাহ্বান গ্ৰহণ কৰে বিপিনে।

এই প্ৰত্যাহ্বানত গ্ৰহণ কৰি শতাধিক মমো খাইছিল বিপিনে। বন্ধুসকলৰ মতে সেইদিনা তেওঁ প্ৰায় ১৫০ টা ম’ম’ খাইছিল। তেতিয়াই বিপিনৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰে। অজ্ঞান হৈ মাটিত পৰি গ’ল যুৱকজন। কিন্তু দুখৰ বিষয় যে বন্ধুসকলে প্ৰথমে সেয়া অভিনয় বুলি ভাবিছিল। কিন্তু যেতিয়া তেওঁলোকে দেখে যে বিপিনে চেতনা ঘূৰাই পোৱা নাই তেতিয়া তেওঁলোকে ভয় খায়।

ইয়াৰ পিছতে স্থানীয় লোকে তেওঁক ছিৱানৰ বধদিয়াৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যায়। কিন্তু চিকিৎসা আৰম্ভ হোৱাৰ আগতেই চিকিৎসকে বিপিনক মৃত বুলি ঘোষণা কৰে। মৰণোত্তৰ পৰীক্ষাৰ অন্তত আৰক্ষীয়ে বিপিনৰ মৃতদেহ পৰিয়ালক গতাই দিয়ে। 

থাভে আৰক্ষী থানাৰ সভাপতি শশী ৰঞ্জন কুমাৰে এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত চলাই আছে বুলি জানিবলৈ দিয়ে। মৰণোত্তৰ পৰীক্ষাৰ ৰিপ’ৰ্ট লাভ কৰাৰ পিছতেই মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যাব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

লগতে পঢ়কঃ দৰৰ বাবেই নহয়, শৰীৰৰ বাবেও এৰাই চলক বিলাহী: নহ’লে আসন্ন বিপদ

লগতে পঢ়কঃ ধনেই নহয়, বিশাল মনো! দিনে ৩ কোটি টকা দান; ২.৫ লাখ কোটি টকাৰ মালিক এই ভাৰতীয় ব্যক্তিক জানেনে?

লগতে পঢ়কঃ ভাৰতৰ বজাৰলৈ আহিল BMW X5 ফেচলিফ্ট; ৯৪ লাখ টকাৰ পৰা আৰম্ভ দাম

Related News