৮ দিনত দুটাকৈ হত্যাকাণ্ডই জোকাৰি গল সাকোমঠা চাহ বাগিচাত ৷ ২২ অক্টোবৰত স্বামীয়ে নিজ পত্নীক হত্যা কৰাৰ ঘটনা মাৰ নৌ যাওঁতেই সোমবাৰে নিশা পুনৰ আন এক হত্যাকাণ্ডই সাকোমঠা চাহ বাগিচাক জোকাৰি যায়৷ বাগিছাখনৰ পাকা লাইনত সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড ৷
ঘটনাৰ বিৱৰণি মতে কনিষ্ঠ ভাতৃ তৰুণ তাঁতীয়ে কুঠাৰৰে ঘপিয়াই হত্যা কৰিলে জ্যেষ্ঠ ভাতৃ কেশৱ তাঁতীক ৷ পাৰিবাৰিক কন্দলৰ বাবেই হত্যাকাণ্ডটো সংঘটিত হোৱাৰ কথা আৰক্ষীৰ আগত স্বীকাৰ কৰিছে হত্যাকাৰী তৰুণে ৷
ইয়াৰ পূৰ্বেও দুই ভায়েকৰ মাজত হোৱা সংঘাতৰ বাবে বহু বাৰ কাজিয়া হৈছিল বুলি স্থানীয় লোকে জানিব দিয়ে৷ সোমবাৰে নিশাও দুয়ো ভায়েকে একেলগে বহি মদ্যপান কৰিছিল৷ মদ্যপান কৰি থকা অৱস্থাতেই দুই ভাতৃৰ মাজত কাজিয়াৰ সুত্ৰপাত হয় ৷ কাজিয়া ইমানেই বাঢ়ি গ’ল যে তৰুণে কুঠাৰৰে ঘপিয়াই হত্যা কৰে কেশৱক৷
মৃত কেশৱে কিছুদিন পূৰ্বে দুৰ্ঘটনাবশতঃ এখন ভৰিত আঘাত পাইছিল৷ শৰীৰত আঘাত থকাৰ বাবেই ভাতৃৰ আক্ৰমণৰ পৰা নিজকে বচাব পৰা নাছিল অসুস্থ কেশৱে৷
সদ্যহতে হত্যাকাৰী তৰুণক বিশ্বনাথ চাৰিআলি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি সোধা-পোচা অৱ্যাহত ৰাখিছে ৷