ক’ৰ’না ভাইৰাছৰ আতংক; শিলচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে এজন যুৱক!

ল'কডাউন আৰম্ভ হোৱাৰ এঘণ্টাৰ পূৰ্বে আৰক্ষীয়ে আটক কৰে যুৱকজনৰ লগতে পিতৃক

Coronavirus-1-750x375

প্রতিনিধিত্বমূলক চিত্র

ক’ৰ’না ভাইৰাছৰ আতংকই সমগ্ৰ বিশ্বতে সংহাৰীৰূপ ধাৰণ কৰাৰ সময়তে শিলচৰত এজন যুৱক আৰু পৰিয়ালৰ বিৰুদ্ধে লোৱা হৈছে আইনী ব্যৱস্থা।

জানিব পৰা মতে নিজৰ বিদেশ ভ্ৰমণ হিষ্ট্ৰী লুকুৱাই ৰখাৰ বাবে শিলচৰ আৰক্ষী তথা জিলা প্ৰশাসনে যুৱকজনৰ লগতে  পিতৃৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হৈছে।

উল্লেখ্য যে যুৱকজন অলপতে চীন ভ্ৰমণ কৰি ভাৰতলৈ ওভতি আহিছিল। কালি যুৱকজনে বিদেশ ভ্ৰমণ সামৰি নিজ গৃহত উপস্থিত হোৱাৰ পিছতো প্ৰশাসনৰ পৰা বিদেশ ভ্ৰমণৰ কথা লুকুৱাই ৰাখিছিল।

আজি শিলচৰ আৰক্ষী আৰু প্ৰশাসনে যুৱকজনৰ বাসগৃহত উপিস্থিত হৈ যুৱকজনক আটক কৰে। আটক কৰি যুৱকজনক ইতিমধ্যে শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত কোৱাৰেন্টাইন কৰাৰ লগতে চিকিৎসাৰ ব্যৱস্থা কৰাৰ হৈছে।

ইফালে যুৱকজনৰ লগতে পিতৃৰ বিৰুদ্ধেও শিলচৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছে। যুৱকজনৰ লগতে পিতৃৰ বিৰুদ্ধে প্ৰশাসনক নজনোৱা আৰু লুকুৱাই ৰখাৰ অপৰাধ গোচৰ তৰা হৈছে।

যুৱকজনৰ পিতৃ গাঁও পঞ্চায়তৰ সভাপতি বুলি জানিব পৰা গৈছে।