• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আৰক্ষী বিষয়াৰ পত্নীক ব্লেকমেইলিং কৰি গ্ৰেপ্তাৰ হ’ল যুৱক; সাংবাদিক বুলি পৰিচয় দিছিল আজাদ জাকাৰিয়াই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 12, 2018 6:31 pm
Azad Zakaria Photo

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেইললৈ প্ৰেৰণ কৰা আজাদ জাকাৰিয়া।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আৰক্ষী বিষয়াৰ পত্নীক ব্লেক মেইলিং কৰি গ্ৰেপ্তাৰ হ’ল নিজকে সাংবাদিক বুলি পৰিচয় দিয়া আজাদ জাকাৰিয়া নামৰ এজন যুৱক। নুনমাটি আৰক্ষীয়ে যোৱা শুকুৰবাৰে গ্ৰেপ্তাৰ কৰে যুৱকজনক।

শুকুৰবাৰে নুনমাটিৰ ছেক্টৰ-২ৰ পৰা তথাকথিত সাংবাদিকগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছিল যদিও আজিহে সমগ্ৰ ঘটনাটো পোহৰলৈ আহিছে। আনহাতে, যুৱকজনে পূৰ্বতে গুৱাহাটীৰ পৰা প্ৰকাশিত এখন কম প্ৰচলিত দৈনিক বাতৰিকাকতত কৰ্মৰত আছিল বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰিছে। লগতে তেওঁ নিজৰ ফেইচবুক প্ৰফাইলতো জাৰ্নেলিষ্ট বুলি চিনাকি দিছে। অৱশ্যে বৰ্তমান তেওঁ ক’ত কৰ্মৰত সেয়া সঠিকভাৱে জানিব পৰা হোৱা নাই।

আৰক্ষীয়ে নৰ্থ-ইষ্ট নাওক দিয়া তথ্যমতে, নুনমাটি ছেক্টৰ-২ত বাস কৰা এগৰাকী আৰক্ষী বিষয়াৰ পত্নীয়ে উক্ত তথাকথিত সাংবাদিকগৰাকীৰ বিৰুদ্ধে মহিলাগৰাকীক ব্লেক মেইলিং কৰা বুলি এক গোচৰ ৰুজু কৰিছিল।

ঘটনাৰ বিষয়ে বিৱৰণ দি নুনমাটি আৰক্ষীয়ে কয় যে প্ৰায় ২ বছৰৰ আগতে মহিলাগৰাকী মৰিগাঁৱলৈ গৈ থকা অৱস্থাতে তেওঁৰ সৈতে আজাদ জাকাৰিয়া নামৰ যুৱকজনৰ চিনাকি হৈছিল।

আনহাতে, সাংবাদিক বুলি পৰিচয় দিয়া যুৱকজন মহিলাগৰাকীৰ ঘৰলৈ সঘনে গৈ গৈ তেওঁৰ মতলব বেয়া হৈ অহা বুলিও আৰক্ষী বিষয়াগৰাকীয়ে আমাক জানিবলৈ দিয়ে।

তাৎপৰ্য্যপূৰ্ণভাৱে মহিলাগৰাকীৰ সৈতে উক্ত যুৱকজনে যৌন সম্পৰ্ক স্থাপন কৰিবলৈ বিচৰাত মহিলাগৰাকী মান্তি হৈছিল বুলি আৰক্ষী সূত্ৰটোৱে কয়।

ইয়াৰোপৰি নুনমাটিৰ আৰক্ষী বিষয়াগৰাকীয়ে আমাক জনায় যে উক্ত যুৱকজনে ‘মহিলাগৰাকীৰ অশ্লীল ফটো ছ’চিয়েল মিডিয়াত আপল’ড কৰিম’, ‘সাংবাদিক হয়, যি-টি কৰিব পাৰো’ বুলিও দীৰ্ঘদিন ধৰি ভীতি প্ৰদৰ্শন কৰি আহিছিল লগতে বৃহৎ পৰিমাণৰ ধন দাবী কৰিছিল।

উল্লেখ্য যে, মৰিগাৱঁৰ ভুৰাগাৱঁত আৰক্ষী বিষয়া হিচাপে কৰ্মৰত মহিলাগৰাকীৰ স্বামী ঘৰত নথকাৰ সুযোগ লৈ যুৱকজনে মহিলাগৰাকীক শাৰীৰিকভাৱে অপদস্থ কৰিব বিচাৰিছিল যদিও মহিলাগৰাকীয়ে চিঞৰ-বাখৰ কৰাত ওচৰৰ মানুহে তেওঁক ধৰি নুনমাটি আৰক্ষীক খবৰ দিয়ে।

মহিলাগৰাকীয়ে কৰা অভিযোগৰ ভিত্তিত নুনমাটি আৰক্ষীয়ে ৪৭৩/১৮ আৰু ভাৰতীয় দণ্ডবিধিৰ ৩৫৪/৩৮৪/৩৮৭/৫০৬ ধাৰাত এক গোচৰ ৰুজু কৰি যোৱা ১০ আগষ্টত তেওঁক গ্ৰেপ্তাৰ কৰে। ইতিমধ্যে নুনমাটি আৰক্ষীয়ে সাংবাদিকজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

September 18, 2025 7:31 pm
খিলঞ্জীয়াৰ গাত হাত দি বিপদত আৰক্ষী অধীক্ষক লীনা দলে : ধুবুৰীৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলক বদলি

খিলঞ্জীয়াৰ গাত হাত দি বিপদত আৰক্ষী অধীক্ষক লীনা দলে : ধুবুৰীৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলক বদলি

September 18, 2025 7:25 pm
মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

September 18, 2025 6:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

September 18, 2025 7:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd