ফেইচবুক পোষ্টত মন্ত্ৰী হিমন্তক “ধৰ্ষণকাৰীটো” বুলি কোৱা যুৱকক গ্ৰেপ্তাৰ

এহেজাৰো ফ'ল'ৱাৰ নথকা কম বয়সীয়া ফেইচবুক য়ুজাৰলৈও চৰকাৰৰ ভয়

Jyotimoy Facebook post

CAA-ৰ বিৰোধিতা কৰি ফেইচবুকত নিজৰ স্থিতিৰ সৈতে মিলা পোষ্ট দি অহা চৰাইদেউ জিলাৰ এজন যুৱকক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

ফেইচবুকৰ প্ৰফাইলত যুৱকজনৰ নাম জ্যোতিময় (Jyotimoy) বুলি আছে আৰু তেওঁৰ ফ’ল’ৱাৰৰ সংখ্যা এহেজাৰতকৈও কম।

প্ৰায় কুৰি বছৰীয়া যুৱকজনৰ কিছুমান পোষ্টক আপত্তিজনক আৰু উচটনিমূলক বুলি বিবেচনা কৰি আৰক্ষীয়ে কেইবাদিনৰ পোষ্ট নিৰীক্ষণ কৰিছিল বুলি জানিব পৰা গৈছে।

তাৰোপৰি যুৱকজনে ২১ ডিচেম্বৰত মুখ্য মন্ত্ৰীয়ে তেওঁৰ ফেইচবুকত দিয়া এটা পোষ্ট মুখ্য মন্ত্ৰীক অসংসদীয় শব্দ প্ৰয়োগ কৰি কমেণ্ট কৰিছিল। মুখ্য মন্ত্ৰীক কথাৰ লুটি-বাগৰ মৰা বুলি অভিযোগ কৰি “আপোনাৰ এইখন মুখ নে পকৰ?” বুলি মন্তব্য কৰিছিল।

“গাৱঁলীয়া ভাষাত কিবা এটা ক’লো কেছ কৰি নিদিব”, নিজৰ মন্তব্যৰ শেষত মুখ্য মন্ত্ৰীক এইদৰে অনুৰোধো কৰিছিল যুৱকজনে।

আনহাতে চৰকাৰক ইতিকিং কৰি যোৱা ২০ ডিচেম্বৰত কম বয়সীয়া যুৱকজনে এটা পোষ্টত কৈছিল, “ৰাম ৰাজ্য ত কেউ ফালে সুখেই সুখ। কুলাই-পাচিয়ে নধৰিছে”।

একে তাৰিখতে দিয়া আন এটা পোষ্টত জ্যোতিময়ে আন এজন ব্যক্তিৰ উদ্ধৃতি হিচাপে নিজৰ টাইমলাইনত দিছিল, “”কোন কোন অসমীয়া আছ ওলাই আহ” – আনন্দ মিশ্ৰা । স্থান : জজলী পাঁচ আলি !!!”।

যুৱকজনৰ টাইমলাইন খুঁচৰিলে বুজা যায়, তেওঁ বিজেপি চৰকাৰখনৰ কট্টৰ সমালোচক।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক উদ্দেশ্যি ১১ ডিচেম্বৰত দিয়া এটা পোষ্টত যুৱকজনে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিষয়টোত মুখ্য মন্ত্ৰীজনৰ স্থিতিক কঠোৰ সমালোচনা কৰিছিল, যিটো আন যিকোনো অসম-প্ৰেমী ফেইচবুক য়ুজাৰৰ পৰা পৃথক নহয়। কিন্তু ক্ষুভিত যুৱকজনে মুখ্য মন্ত্ৰীজনক “তই তই”কৈ সম্বোধন কৰি নিজৰ অসন্মানো প্ৰদৰ্শন কৰে।

একেটা তাৰিখতে মন্ত্ৰী হিমন্তৰ বক্তব্যৰ এটা পুৰণি ভিডিঅ’ ক্লিপ শ্বেয়াৰ কৰিছে নিজৰ টাইম লাইনত। কিন্তু ভিডিঅ’টোৰ সৈতে দিয়া নিজৰ টেগলাইনত বিত্ত মন্ত্ৰীজনক “ধৰ্ষণকাৰীটো” বুলি উল্লেখ কৰে জ্যোতিময়ে, যিটো আৰক্ষীৰ লক্ষ্য হোৱাৰ এটা কাৰণ হ’ব পাৰে।

CAA-বিৰোধী আন্দোলনে চৰকাৰক বিব্ৰত কৰাত দুদিনমান পূৰ্বে আৰক্ষীয়ে ছ’চিয়েল মিডিয়া য়ুজাৰক লক্ষ্য কৰি থকা হ’ব বুলি এটা সতৰ্কবাণী জাৰি কৰিছিল।