NORTHEAST NOW (Assamese)

টীয়কত চাঞ্চল্যকৰ ঘটনা; প্ৰেমিকাক চুৰিকাঘাত কৰি আত্মহত্যা প্ৰেমিকৰ

August 18, 2022 7:23 pm · এন ই নাও নিউজ, টীয়ক

টীয়কত  সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।প্ৰেমিকাক চুৰিকাঘাত কৰি আত্মহত্যা কৰিছে প্ৰেমিকে। টীয়কৰ কাকজানত সংঘটিত হৈছে এই ঘটনা ।

গুৰুতৰভাবে আহত যুৱতীগৰাকীক উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।

এই মুহূৰ্তলৈকে দুয়োগৰাকীৰ বিষয়ে সৱিশেষ জানিব পৰা হোৱা নাই যদিও যুৱতী গৰাকীৰ ঘৰ বঙাইগাঁৱৰ অভয়াপুৰীত বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক: ৰূপহীহাটত গ্ৰেনেড আৰু হস্ত নিৰ্মিত পিষ্টল উদ্ধাৰ

আনহাতে, যুৱক জনৰ ঘৰ তেজপুৰত বুলি কোৱা হৈছে ।

টীয়কৰ কাকজানত ভাড়াতীয়া হিচাপে আছিল যুৱতী গৰাকী।

ছোৱালীগৰাকীৰ নাম উমে চোলেমা আৰু ল’ৰাজনৰ নাম মফিজুল ইচলাম l

Related News