ফেচবুকত ‘পাকিস্তান জিন্দাবাদ’ দি ৰঙাঘৰত সোমাল যুৱক : ৰাইজৰ লপা-থপা

IMG-20190218-WA0012(1)

ফেইচবুকত ভাৰত বিৰোধী মন্তব্য দি আটক হোৱা যুৱক দুজন। ফটো : নৰ্থইষ্ট নাও

যোৱা ১৪ ফেব্ৰুৱাৰিত কাশ্মীৰৰ পুলুৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমণত ৪৪ জনকৈ ভাৰতীয় বীৰ জোৱানে প্ৰাণ হেৰুৱাবলগীয়া হয়। চহিদ  বীৰ জোৱান সকলকলৈ সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি থকাৰ সময়তে আজি তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ লিডুৰ এজন যুৱকে ফেচবুকত ভাৰত বিৰোধী মন্তব্য প্ৰকাশ কৰি ৰঙাঘৰত সোমোৱাৰ ঘটনাই অঞ্চলজুৰি উত্তেজনাৰ সৃষ্টি কৰিছে ৷

লিডু কনিষ্ঠ মহাবিদ্যালয়ৰ এইবাৰৰ চুড়ান্ত বৰ্ষৰ পৰীক্ষাৰ্থী  খাইৰুল আলম নামৰ এজন যুৱকে নিজা ফেচবুক পেইজত ‘পাকিস্তান জিন্দাবাদ’ বুলি এটা বিতৰ্কিত মন্তব্য প্ৰকাশ কৰে।উক্ত মন্তব্যৰ পাছতেই স্থানীয় একাংশ নাগৰিকে যুৱকজনৰ ঘৰত এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰে ৷

উত্তেজিত জনতাই যুৱক জনক লপা থপা দি পৰিস্থিতি উত্তপ্ত কৰি তোলে ৷ পাছত লিডু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ বৰ্তমান যুৱকজন লিডু আৰক্ষীৰ জিম্মাত আছে ৷

আনহাতে, যুৱক জনক সহযোগিতা কৰাৰ সন্দেহত ৰিয়াজুল হক লস্কৰ নামৰ আন এজন যুৱককো আৰক্ষীয়ে আটক কৰিছে ৷ লিডু আৰক্ষী চকীত কেইবা শতাধিক উত্তেজিত জনতাই আটকাধীন ধৃত যুৱক কেইজনক জনতাৰ হাতত গতাই দিবলৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

ইপিনে, উত্তেজিত জনতাই লিডুৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই প্ৰতিবাদ কৰাৰ উপৰি খাইৰুল আলমক কঠোৰ শাস্তিৰ দাবী তুলিছে। উক্ত ঘটনাক কেন্দ্ৰ কৰি বৰ্তমানেও লিডুত তীব্ৰ উত্তেজনাই বিৰাজ কৰি আছে।