NORTHEAST NOW (Assamese)

শিৱসাগৰৰ দিচাংমুখত যুৱ কংগ্ৰেছৰ বান সাহায্য বিতৰণ

July 3, 2020 12:21 pm · পাৰ্শ্বজ্যোতি গগৈ
ফটো : নৰ্থ-ইষ্ট নাও

বান বিধ্বস্ত বৃহত্তৰ দিচাংমুখ অঞ্চলত বৃহস্পতিবাৰে যুৱ কংগ্ৰেছৰ এটা দলে বানপিড়ীত জনতাক বান সাহায্য প্ৰদান কৰে।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক প্ৰশান্ত গগৈয়ে অফলা অঞ্চলত ১৩০ টা পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰাৰ লগতে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ প্ৰাক্তন সাধাৰণ সম্পাদক শুভ্ৰমিত্ৰ গগৈয়ে দিচাংমুখৰ লিগিৰীবাৰীত ১০০ টা পৰিয়ালৰ মাজত সাহায্য প্ৰদান কৰে।

আনহাতে শিৱসাগৰ জিলা কংগ্ৰেছৰ আইন বিভাগৰ অধ্যক্ষ বিদ্যুৎ গগৈয়ে লিগিৰীবাৰীৰ আন ৬০ টা পৰিয়ালৰ মাজত সাহায্য প্ৰদান কৰা বুলি জানিব পৰা যায়।

ইপিনে শিৱসাগৰ জিলা যুৱ কংগ্ৰেছৰ সভাপতি ৰফিকুদ্দিন আহমেদ, উপ-সভাপতি দিলীপ গগৈ, সাধাৰণ সম্পাদক লেংডং বিজিত গগৈ, য়াচিন আলি, মনোজ বৰাকে ধৰি ২৫ জনীয়া যুৱ কংগ্ৰেছৰ এটা দলে দিচাংমুখ বলমা গাঁৱৰ ১২০ টা পৰিয়ালক খাদ্য সামগ্ৰী যোগান ধৰে।

দিচাংমুখৰ যুৱ কংগ্ৰেছী নেতা মুস্তাফা খানৰ সহযোগত বানপিড়ীতক খাদ্য সামগ্ৰী বিতৰণ কৰা কাৰ্যসূচীত দিচাংমুখ মণ্ডল কংগ্ৰেছৰ দেৱকান্ত পাংগিং, দিকো মিলি(ছিলভাৰ), হিৰনজ্যোতি পাংগিং, প্ৰফুল্ল মিলি, ৰেণুকা মিলি, পৱন দাস, ৰহিম পাংগিং, তুলসী য়েইন আদিয়ে সহযোগিতা আগবঢ়ায়।

Related News