‘আমাক সংস্থাপন দিয়ক’ দেশৰ প্ৰধান মন্ত্ৰীলৈ আহ্বান যুৱ কংগ্ৰেছৰ

যুৱ কংগ্ৰেছীৰ ‘সংস্থাপন দিয়ক’ শীৰ্ষক বৃহৎ অভিযান আৰম্ভ

Youth CONGRESS

বিজেপি চৰকাৰৰ দিনত দেশত বৃদ্ধি পালে পালে নিবনুৱাৰ সংখ্যা। এই গুৰুতৰ অভিযোগ তুলিছে যুৱ কংগ্ৰেছে।

সেয়েহে দেশৰ প্ৰধান মন্ত্ৰীলৈ ‘সংস্থাপন দিয়ক’ বুলি আহ্বান জনাইছে অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিয়ে।

বিজেপি চৰকাৰৰ হঠকাৰী নীতিৰ বাবে শেহতীয়াভাৱে দেশত ভয়ংকৰভাৱে বৃদ্ধি পোৱা নিবনুৱা সমস্যা আৰু সংস্থাপনহীনতাৰ বিৰুদ্ধে   সৰ্বভাৰতীয় যুৱ কংগ্ৰেছে সমগ্ৰ দেশতেই জনমত গঠনৰ উদ্দেশ্যে #RozgarDo শীৰ্ষক এক অভিযান হাতত লোৱা বুলি জানিবলৈ দিয়ে অসম প্ৰদেশ যুৱ কংগ্ৰেছে।

এই সন্দৰ্ভত ৰাজীৱ ভৱনত সম্বোধন কৰা এক সংবাদমেলত যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি কামৰুল ইছলাম চৌধুৰীয়ে কয় ‘২০১৪ ত কেন্দ্ৰত বিজেপি চৰকাৰ আৰু ২০১৬ত ৰাজ্যত বিজেপি চৰকাৰ অহাৰ পাছত ব্যাপক হাৰত নিবনুৱাৰ সংখ্যা বৃদ্ধি হৈছে।‘

‘বছৰি ২০ লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল হিমন্ত বিশ্ব শৰ্মাই। চাৰিবছৰত ৮০ লাখ চাকৰি নিয়ম মতে দিব লাগিছিল কিন্তু ৮০০০ চাকৰিও দিয়া নাই।‘ কামৰুলে লগতে কয়।

ঠিক সেইদৰে নৰেন্দ্ৰ মোদীয়ে ২ কোটি চাকৰি বছৰত দিম বুলি কৈছিল, সেই অনুসৰি ৬ বছৰত ১২ কোটি চাকৰি দিব লাগিছিল বুলি উল্লেখ কৰি তেওঁ লগতে কয় ‘১২ কোটি দূৰৰে কথা অসমৰ প্ৰেক্ষাপটত কেন্দ্ৰীয় চৰকাৰৰ অধীনত ১২ হাজাৰ চাকৰিও লাভ কৰা নাই।‘

তেওঁ আৰু কয় ‘সেযেহে অসমৰ যুৱক যুৱতীৰ বৃহত্তৰ স্বাৰ্থত এক বৃহৎ অভিযান আৰম্ভ কৰা হ’ব। চাকৰি দিয়াৰ নামত বিজেপি চৰকাৰে কেনেধৰণে প্ৰতাৰণা কৰিছে সেয়া গাওঁ অঞ্চলৰ যুৱকৰ যুৱতীৰ মাজত সজাগতা সৃষ্টি কৰা হ’ব।‘

ইপিনে, উক্ত সংবাদমেলত উপস্থিত থাকি নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ যুটীয়া সম্পাদক তথা সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ তত্বাৱধায়ক কৃষ্ণা আল্লাৱাৰুৱে মোদী আৰু সোণোৱাল চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে।

তেওঁ কয় ‘প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ যুৱ শক্তিৰ কন্ঠ, কৃষকৰ কন্ঠ, শ্ৰমিকৰ কন্ঠ শুনিবলৈ সময় নাই।‘

আল্লাৱাৰুৰ মতে ‘বিজেপি চৰকাৰৰ দিনত ভাৰতৰ সকলো বিকাশ সৰ্বনাশ হৈ গ’ল। এয়া কেৱল কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ভুল নীতিৰ বাবেই হৈছে।লকডাউনৰ পূৰ্বেই ভাৰতৰ অৰ্থ ব্যৱস্থা বহুত তললৈ নামিছিল।‘

‘মনমোহন সিং শাসনৰ পৰা যোৱাৰ পাছত ভাৰতৰ অৰ্থ ব্যৱস্থাৰ ওপৰত বা বিকাশৰ ওপৰত জানি-বুজি নৰেন্দ্ৰ মোদী চৰকাৰে আক্ৰমণ কৰি আছে। নোট বন্দী ভুল নীতি আছিল। তাৰ পৰা কি লাভ হ’ল সেই সম্পৰ্কে কাকো এতিয়ালৈকে মোদীয়ে উত্তৰ দিব পৰা নাই।‘ তেওঁ সংবাদমেলত কয়।

ইপিনে, উক্ত সংবাদমেলতে এক হেল্পলাইন নম্বৰ মুকলি কৰি সেই নম্বৰত মিছড কল দি নিবনুৱা যুৱকক সজাগ হ’বলৈ আহ্বান জনায়। তেওঁলোকৰ হেল্পলাইন নম্বৰটো হৈছে ৭৯৯৮৭৯৯৮৫৪।

উক্ত সংবাদমেলৰ পাছতে কামৰূপ মহানগৰ জিলাৰ প্ৰায় ১৫০ গৰাকী যুৱক- যুৱতীয়ে যুৱ কংগ্ৰেছত যোগদান কৰে।