NORTHEAST NOW (Assamese)

টীয়কত নিশা পথ দুৰ্ঘটনাত এজন যুৱকৰ মৃত্যু

December 14, 2020 11:33 am · নিৰ্মলেন্দু পাঠক
ফটো: নৰ্থইষ্ট নাও

যোৰহাট জিলাৰ টীয়কৰ বলমা-নামচেচু সংযোগী পথত যোৱা নিশা সংঘটিত এক পথ দুৰ্ঘটনাত এজন যুৱকৰ মৃত্যু হয়।

মৃত যুৱকজন প্ৰদ্যুৎ গগৈ নামৰ চেলেংহাট বৰনগঞাৰ বুলি জানিব পৰা গৈছে।

AS-04-W-2628 নম্বৰৰ পালচাৰ মটৰ চাইকেলৰে টীয়কৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ এটি কালভাৰ্টত খুন্দিওৱাৰ ফলত থিতাতে মৃত্যু ঘটে যুৱকজনৰ।

মৃত প্ৰদ্যুৎ গগৈ শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ ফাৰ্মাচিষ্ট হিচাপে কৰ্মৰত আছিল।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ইতিমধ্যে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

Related News