NORTHEAST NOW (Assamese)

কলিয়াবৰত বনভোজ খাবলৈ গৈ যুৱকৰ মৃত্যু, মৃতদেহ উদ্ধাৰ

January 27, 2022 1:05 pm · ৰিদিপ শৰ্মা, কলিয়াবৰ

গণৰাজ্য দিৱসৰ দিনাই কলিয়াবৰত সংঘটিত হৈছে এক অঘটন।বন্ধুৰ স’তে বনভোজ খাবলৈ গৈ সন্ধানহীন হয় এজন যুৱক।

বিষ্ণু বৰা নামৰ ২৮ বছৰীয়া যুৱকজনে কলিয়াবৰৰ শিলঘাটত বনভোজ খাবলৈ গৈছিল। ব্ৰহ্মপুত্ৰৰ পৰা পানী আনিবলৈ যাওঁতেই সন্ধানহীন হয় যুৱকজন।

সন্ধানহীন হৈ থকা বিষ্ণু বৰা ওৰফে ধন বৰাৰ মৃতদেহ ব্ৰহ্মপুত্ৰত উদ্ধাৰ কৰিছে এছ ডি আৰ এফ বাহিনীয়ে।

মৃত বিষ্ণু বৰাৰ ঘৰ কলিয়াবৰৰ জমখলাগাঁৱত বুলি জানিব পৰা গৈছে।

যুৱকজনৰ কৰুণ মৃত্যুত অঞ্চলটোত এতিয়া শোকৰ বন্যা বৈছে।

Related News