NORTHEAST NOW (Assamese)

কোকৰাঝাৰৰ সৰলপাৰাত বঙাইগাঁৱৰ যুৱকৰ সলিল সমাধি

July 22, 2022 8:35 pm · প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
Updated: July 22, 2022 8:36 pm

কোকৰাঝাৰ জিলাৰ সৰলপাৰাত সহপাঠিৰ সৈতে ফুৰিবলৈ গৈ বঙাইগাঁৱৰ মনোৰঞ্জন দাস (২১) নামৰ এজন যুৱকৰ নৈত সলিল সমাধি ঘটে ৷

বঙাইগাঁও চহৰৰ ৰূপেশ্বৰ দাসৰ পুত্ৰ তথা বঙাইগাঁও মহাবিদ্যালয়ৰ বাণিজ্য শাখাৰ (স্নাতক দ্বিতীয় বৰ্ষ) ছাত্ৰ মনোৰঞ্জন দাসে সহপাঠিৰ সৈতে বৃহস্পতিবাৰে সৰলপাৰালৈ ফুৰিবলৈ গৈছিল৷

ফুৰিবলৈ গৈ যুৱকজনে সৰলপাৰাৰ নৈত গা ধুবলৈ গৈ উটি যায় ৷ ক্ষন্তেক পিছত অসুস্থ অৱস্থাত যুৱকজনক উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰিলেও উন্নত চিকিৎসাৰ বাবে বঙাইগাঁৱলৈ অনাৰ সময়তে যুৱকজনৰ মৃত্যু হয়৷

Related News