আলফালৈ যোৱাৰ মনঃ ফেচবুকত পোষ্ট দি বঙাইগাঁৱত গ্ৰেপ্তাৰ যুৱক

এতিয়া ৰাজ্যখনৰ বিভিন্ন জিলাৰ একাংশ যুৱক-যুৱতীয়ে নিষিদ্ধ ঘোষিত সংগঠন আলফা ( স্বাধীন) লৈ গমন কৰি থকাৰ সময়তে বঙাইগাঁও আৰক্ষীয়ে আলফালৈ যোৱাৰ বাবে প্ৰস্তুতি চলোৱা এজন যুৱকক আটক কৰিছে ৷

সামাজিক মাধ্যম ফেচবুকত আলফালৈ যোৱাৰ বাবে ইচ্ছা প্ৰকাশ কৰি প্ৰচাৰ চলাই আৰক্ষীৰ জালত পৰে যুৱকজন ৷ কেৱল আৰক্ষীৰ দ্বাৰা আটক হোৱাই নহয়, জেল হাজোতলৈও যাবলগীয়া হ’ল যুৱকজন ৷ উল্লেখ্য যে আটক কৰা যুৱকজন বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত ডাউকিঝাৰৰ ডেভিদ বৰ্মন (২১) বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ৷

এই সন্দৰ্ভত বঙাইগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লুনা সোণোৱালে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে এক বিশেষ সূত্ৰৰ পমখেদি বঙাইগাঁও আৰক্ষীয়ে শুকুৰবাৰৰ নিশা ডাউকিঝাৰৰ নিজ গৃহৰ পৰা যুৱক জনক আটক কৰে ৷ যুৱকজনক পিচত সোধ- পোচ কৰাৰ অন্তত যুৱকজনে নিষিদ্ধ ঘোষিত সংগঠন আলফাত যোগদানৰ ইচ্ছাৰ কথা আৰক্ষীৰ আগত স্বীকাৰ কৰে ৷

লগতে যুৱকজনে আলফালৈ যোৱাৰ বাবে প্ৰস্তুতি চলাইছিল বুলিও অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে সংবাদ মাধ্যমক জানিব দিয়ে ৷ এই সম্পৰ্কত যুৱকজনৰ বিৰুদ্ধে বঙাইগাঁও সদৰ থানাত ২৪২/২০২২ ( Case No 242/2022- U/S- 120 (B) / 121/121(A) IPC, R/W Sec -13(1)(b) U.A (P) Act, R/W Sec b6 (F) I.T Act) নম্বৰৰ এটা গোচৰ ৰুজু কৰি পিচত গ্ৰেপ্তাৰ কৰে৷

ধৃত যুৱকজনক আৰক্ষীয়ে শনিবাৰে বঙাইগাঁও আদালতত হাজিৰ কৰোৱাত আদালতে জেল হাজোতলৈ প্ৰেৰণ কৰে ৷ ইপিনে ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা হঠাতে একাংশ যুৱক – যুৱতীয়ে আলফাত যোগদানৰ বাবে গৈ থকাৰ পিচত বঙাইগাঁও জিলা আৰক্ষীয়েও বিষয়টোৰ প্ৰতি গুৰুত্ব আৰোপ কৰি তলে তলে চোকা দৃষ্টি ৰাখিছে ৷

লগতে সামাজিক মাধ্যমৰ ওপৰতো নজৰ ৰাখিছে ৷ আনহাতে কিছুদিন পূৰ্বে নৰ্থ বইটামাৰী অঞ্চলৰ অপৰাজিত নাথ নামৰ যুৱক এজন ঘৰৰ পৰা ওলাই যোৱাৰ পিচৰে পৰা সন্ধানহীন হৈ থকা বিষয়ত অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়া মতে যুৱকজনে পৰিয়ালৰ লোকক আলফা ( স্বাধীন) ত যাবলৈ ইচ্ছা থকাৰ কথা জনাইছিল৷

সামাজিক মাধ্যমত যুৱকজনে এই সন্দৰ্ভত পূৰ্বে পোষ্ট দিয়াৰ পিচত যুৱকজনক মতাই আনি আৰক্ষীৰ ফালৰ পৰা বুজোৱাও হৈছিল ৷

কিন্তু পিচত ঘৰৰ পৰা ‘মই যাওঁ’ বুলি কৈ ওলাই যায় ৷

বৰ্তমান যুৱকজনে আলফাত যোগদান কৰিছে নে নাই এই সন্দৰ্ভত কোনো নিশ্চিত তথ্য পোৱা হোৱা নাই ।