‘পৰিৱৰ্তন কি হৈছে? পৰিৱৰ্তনৰ নামত ডেকা ল’ৰাবিলাক সন্ত্ৰাসবাদলৈ ঘুৰি গৈছে।‘ এই মন্তব্য প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ।
মঙলবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ‘নিৰ্বাচনী ইস্তাহাৰ’ উন্মোচনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে কেতবোৰ মন্তব্য কৰে।
তেওঁ কয় যে কংগ্ৰেছ চৰকাৰৰ দিনত আলফাৰ পৰা যুৱকসকল মূল সুঁতিলৈ ঘুৰি আহিছিল।
আনহাতে, ‘আজি কি হ’ল? বুলি প্ৰশ্ন উত্থাপন কৰি গগৈয়ে লগতে কয়, ‘’নিবনুৱা সমস্যা, বস্তুৰ মূল্য বৃদ্ধি ইত্যাদিৰ ফলত অসমীয়া যুৱকসকল সন্ত্ৰাসবাদলৈ উভতি গৈছে।‘‘
গগৈয়ে ভাষণ প্ৰসংগত কংগ্ৰেছ চৰকাৰ শাসনত অসমলৈ অহাৰ পূৰ্বে কেন্দ্ৰত থকা বিজেপি চৰকাৰ আৰু ৰাজ্যৰ অগপ চৰকাৰৰ দিনৰ পৰিস্থিতি আৰু বৰ্তমানৰ বিজেপি চৰকাৰৰ এক তুলনা কৰে।
তেওঁ কয়, ‘’কেন্দ্ৰত বিজেপি চৰকাৰ আৰু অসমত অগপ চৰকাৰ থাকোঁতে সন্ত্ৰাসবাদলৈ যুৱকসকল বেছিকৈ গৈছিল।‘‘
‘’দুয়োখন চৰকাৰে অসমখন ধ্বংস কৰি থৈ গৈছিল,‘’-গগৈয়ে এইদৰে কয়।
গগৈৰ মতে ‘’কংগ্ৰেছ দল শাসনলৈ আঁহোতে অৰ্থ্যাৎ ২০০১ চনত গাঁৱৰ পৰিস্থিতি বাদেই, গুৱাহাটীতে মানুহ মুক্ত মনেৰে ঘূৰিব পৰা অৱস্থাত নাছিল।‘’
আনহাতে, ভাষণ প্ৰসংগতে বিজেপি চৰকাৰক সমালোচনা কৰি তেওঁ কয়, ‘’ৰাজ্যৰ গাওঁবাসীক বিজেপিয়ে প্ৰৱঞ্চনা কৰিছে।‘’
তদুপৰি, ‘’মোদীৰ জনপ্ৰিয়তা দিনক-দিনে হ্ৰাস পাই আহিছে’’ বুলি মন্তব্য কৰি তেওঁ কয়, ‘‘বিজেপিয়ে কথাত এটা কয়, কাম অন্য এটা কৰে।‘’
‘’বস্তুৰ দাম দিনক-দিনে বাঢ়ি গৈ আছে, কিন্তু তেওঁলোকে কয় চিণ্ডিকেটৰাজ কমিছে। যদি চিণ্ডিকেটৰাজ কমিছে, তেন্তে বস্তুৰ মূল্য কমা নাই কিয়?’’ গগৈয়ে এইদৰে মন্তব্য কৰে।
তেওঁ লগতে বিজেপি চৰকাৰক প্ৰশ্ন কৰে, ‘’আত্ম সহায়ক গোটক ৫ লাখ টকা দিম বুলি কৈছিল সেয়া ক’ত গ’ল? ২৫লাখ নিবনুৱাক সংস্থাপন দিলেনে বিজেপিয়ে?’’
গগৈৰ মতে ‘ক্ষমতাৰ কাৰণে জাতি,মাটি ভেটি বিক্ৰী কৰিলে বিজেপিয়ে।‘’
আনহাতে, ভাষণৰ মাজতে অগপ দলকো সমালোচনা কৰিব নেৰিলে প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীয়ে। গগৈয়ে কয়, ‘’ৰাজেন্দ্ৰ আগৰৱাল বিজেপিৰ মানুহ। আগৰৱালক লগ কৰি অগপই এখন নাটকহে কৰিছে।‘’
তদুপৰি আগন্তুক পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছে অগপ-বিজেপিক মুখ থেকেচা খুৱাব বুলিও তেওঁ ব্যক্ত কৰে।