NORTHEAST NOW (Assamese)

মৰনৈৰ নেপালীখুটিত ভয়ংকৰ দুৰ্ঘটনা; গুৰুতৰভাৱে আহত যুৱক

November 11, 2019 7:01 am · নীলমনি শর্মা
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত যুৱকজন। ফটো: নৰ্থইষ্ট নাও

গোৱালপাৰা জিলাৰ মৰনৈ আৰক্ষী থানাৰ অন্তৰ্গত নেপালীখুটিত দেওবাৰে নিশা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।

দুৰ্ঘটনাতটোত এজন বাইক আৰোহী গুৰুতৰভাবে আহত হোৱাৰ বিপৰীতে বাইকৰ প্ৰচণ্ড খুণ্ডাৰ ফলত এটা মহ থিতাতে নিহত হয়।

ঘটনাৰ বিৱৰণি মতে মৰনৈস্থিত মাটিয়া উদ্দ্যোগিক বিকাশ কেন্দ্ৰৰ এভাৰেডী কোম্পানীৰ কৰ্মচাৰী পুলকেশ নাথে কোম্পানীৰ কাম সামৰি বাকাইটাৰীৰ নিজ ঘৰলৈ গৈ থকা অৱস্থাত নেপালীখুটি ৪৬ নং ৰাজ্যিক পথত পথৰে আহি থকা এটা মহক প্ৰচণ্ড জোৰৰে খুণ্ডা মাৰে।

এই ঘটনাত মহটো থিতাতে নিহত হোৱাৰ লগতে বাইক আৰোহী পুলকেশ নাথ গুৰুতৰভাবে আহত হয় ৷

আহত পুলকেশ নাথক স্থানীয় লোকে চিকিৎসাৰ বাবে গোৱালপাৰাৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷

Related News