নুমলীগড়ত হাতীৰ জাক খেদিবলৈ বনকৰ্মীয়ে চলোৱা গুলীত আহত হ’ল এজন যুৱক

2-Guards-on-patrol-in-Kaziranga-Steve-Winter-768x512

ইণ্টাৰনেটৰ পৰা সংগৃহীত প্ৰতিনিধিত্বমূলক চিত্ৰ

ৰাজ্যৰ প্ৰায়বোৰ অঞ্চলত এতিয়া বনৰীয়া হাতীৰ সন্ত্ৰাস। আজি নুমলীগড়ত খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা লোকালয়লৈ নামি আহি সন্ত্ৰাসৰ সৃষ্টি কৰা ৬০-৭০জনীয়া বনৰীয়া হাতীৰ জাক এটাক বনকৰ্মীয়ে পুনৰাই বনাঞ্চললৈ খেদি পঠিয়াবলৈ গুলীচালনা কৰাত এক অবাঞ্চিত ঘটনা সংঘটিত হয়।

নুমলীগড়ৰ কাষৰীয়া ফলঙনীত অৱস্থান লৈ থকা হাতীৰ জাকটোক উদ্দেশ্যি বনকৰ্মীয়ে কৰা গুলীচালনাত এজন যুৱক গুৰুতৰভাৱে আহত হয়। ঘটনাটো সংঘটিত হোৱাৰ পাছৰ পৰাই এই পৰ্যন্ত সমগ্ৰ অঞ্চলটোতে এক চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি হৈছে।

বনকৰ্মীৰ গুলীত আহত হোৱা লোকজন কোৱানী পাহাৰ লাইনৰ নিবাসী ফ্ৰেংকলিন বিলুং বুলি জানিব পৰা গৈছে। বৰ্তমান যুৱকজনক ওচৰৰে চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা হৈছে। অৱশ্যে যুৱকজনৰ অৱস্থা বৰ্তমান সংকটজনক নহয় বুলি চিকিৎসকে জনায়।

ঘটনা সন্দৰ্ভত বনকৰ্মীৰ দলটোৱে জানিব দিয়া মতে বৰ্তমানো হাতীৰ জাকটোৱে ফলঙনীৰ নাহৰবাৰী চাহ বাগিচাত অৱস্থান গ্ৰহণ কৰি আছে।

উল্লেখ্য যে বিগত কিছু দিনৰ পৰা ৰাজ্যৰ বিভিন্ন অঞ্চলত বনৰীয়া হাতীৰ জাকে লোকালয়ত প্ৰৱেশ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি অহা কাৰ্যক ৰুধিবলৈ ব্যৰ্থ হোৱা ৰাজ্যৰ বিয়াগোম বন বিভাগৰ সচেতনতাৰ অভাৱতে এনেধৰণৰ কাণ্ড সংঘটিত হোৱা বুলি বহুতে মত পোষণ কৰে।

ইয়াৰ উপৰি বনৰীয়া হাতীয়ে চলাই অহা উপদ্ৰৱৰ বিষয়টো সন্দৰ্ভত ৰাজ্য চৰকাৰক অতি শীঘ্ৰে ফলপ্ৰসূ আঁচনি তৈয়াৰ কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈও স্থানীয় ৰাইজৰ লগতে সচেতন মহলে আহ্বান জনায়।