দৰং আৰক্ষীৰ অভিযানত বাইহাটা চাৰিআলিৰ পৰা গ্ৰেপ্তাৰ দুজন দুৰ্ধৰ্ষ চোৰ

Arrested Youth

ফটো : নৰ্থ-ইষ্ট নাও

দুৰ্গা পূজাৰ উছাহ উদ্দীপনাৰ মাজতে মঙলবাৰে দৰং আৰক্ষীৰ এটা দলে কামৰূপ(গ্ৰা)ৰ বাইহাটা চাৰিআলিত অভিযান চলাই দুজন দুৰ্ধৰ্ষ চোৰক আটক কৰিবলৈ সক্ষম হয়।

ঘটনা সন্দৰ্ভত দৰং জিলাৰ আৰক্ষী অধীক্ষক শ্ৰীজিঠে জানিবলৈ দি কয় যে ছিপাঝাৰ আৰক্ষী থানাত চুৰিকাণ্ড সন্দৰ্ভত ৰুজু হৈ থকা এটা গোচৰৰ ভিত্তিত কালি দৰং আৰক্ষীৰ দলটোৱে অভিযান চলাই চোৰ দুজনক গ্ৰেপ্তাৰ কৰাৰ লগতে বহুতো চুৰি ইলেকট্ৰনিক সামগ্ৰী জব্দ কৰে।

আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা চোৰ দুজনক ক্ৰমে বাইহাটা আৰক্ষী থানাৰ অন্তৰ্গত পাত্ৰপুৰ গাঁৱৰ নজৰুল আলী (২৪) আৰু বালিকুছি বজাৰৰ কল্যাণ ডেকা (২২) বুলি চিনাক্ত কৰিছে। চোৰ দুজনৰ পৰা এটা লেপটপ, এটা প্ৰিণ্টাৰ আৰু ৩৯টা মোবাইল হেণ্ডছেট জব্দ কৰে।

উল্লেখ্য যে আজি কিছদিন পূৰ্বে ছিপাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত ডুমনিচ’কি বজাৰৰ স্থানীয় ব্যৱসায়ী মহছিন আলীৰ দোকানৰ পৰা এটা লেপটপ, এটা প্ৰিণ্টাৰ আৰু প্ৰায় ৫০টা মোবাইল হেণ্ডছেট চুৰি হোৱা বুলি ছিপাঝাৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰিছিল। আৰু আৰক্ষীয়ে উক্ত গোচৰৰ ভিত্তিতে কালি অভিযান চলাই উক্ত চোৰ দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।