NORTHEAST NOW (Assamese)

পকেটৰ ভিতৰতে মোবাইল ফোনৰ বিস্ফোৰণ; গোপনাংগ জ্বলি গৈ ঘটিল সৰ্বনাশ কাণ্ড

April 6, 2025 11:51 am · এন ই নাও নিউজ, গুৱাহাটী

পকেটৰ ভিতৰতে মোবাইল ফোন বিস্ফোৰণ ঘটি গোপনাংগ জ্বলি গ’ল এজন যুৱকৰ। জুইৰ উত্তাপত বাইকৰ পৰা বাগৰি পৰে যুৱকজন। মধ্য প্ৰদেশত সংঘটিত হৈছে এই অভাৱনীয় ঘটনা।

পেছাত পদপথৰ দোকানী যুৱকজনে শাক-পাচলি কিনি বাইকেৰে ঘৰলৈ উভতি আহিছিল। বাটত এটা টোল বুথৰ ওচৰত পকেটত থকা মোবাইলটো ডাঙৰ শব্দ কৰি বিস্ফোৰণ ঘটে।

তেওঁৰ গোপনাংগ জ্বলি গৈছিল। চম্ভালিব নোৱাৰি বাইকৰ পৰা বাগৰি পৰে যুৱকজন। মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।ঘটনাৰ লগে লগে টোল বুথৰ আশে-পাশে থকা লোকে তেওঁক তুলি চিকিৎসালয়লৈ লৈ যায়।

আহত যুৱকজনৰ ভাতৃয়ে জনোৱা মতে, কিছুদিন পূৰ্বে তেওঁৰ ককায়েকে এটা ছেকেণ্ড হেণ্ড মোবাইল ফোন ক্ৰয় কৰিছিল। সেই দামী কোম্পানীটোৰ মোবাইল ফোনটোৰে পকেটত বিস্ফোৰণ ঘটিল। চিকিৎসালয়ত তেওঁৰ গোপনাংগৰ চিকিৎসা কৰা হয়। তেওঁ এতিয়া ভালেই আছে।

প্ৰায় সকলোৱেই পকেটত মোবাইল লৈ ঘূৰি ফুৰে। সেয়ে, ছ’চিয়েল মিডিয়াত ইয়াকে লৈ তোলপাৰ লাগিছে। বহুতে পকেটত মোবাইল লৈ ফুৰাৰ বিপদৰ কথা  সোঁৱৰাই দিছে। বহুতে কয় যে চেকেণ্ড হেণ্ড মোবাইল কিনিলে এনেকুৱাই হ’ব।

বহুতে কয় যে সস্তীয়া চীনা ম’বাইল কিনিলে এনেকুৱা হ’ব পাৰে। বহুতেই বিপৰীত কথা কৈছে। কোনোবাই লিখিছে যুৱকজনে যে  চীনা মোবাইল কিনিছিল কোনে ক’লে! কোনোবাই লিখিছে যে কপালত দুখ আছিল, নহ’লেনো তেনেকুৱা স্থানত জানো আঘাত লাগে!

Related News