কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত ডিগবৈত অৰ্দ্ধ নগ্ন প্ৰতিবাদ

Story-3-5-750x375

সুদীৰ্ঘ প্ৰায় ২০০ টা দিন কাৰাবন্দী হৈ থকা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ খবৰে ৰাজ্যৰ প্ৰতিবাদী জনতাক উদ্বিগ্ন কৰি ৰখাৰ সময়তে অখিল গগৈকে ধৰি কা বিৰোধী আন্দোলনৰ সকলো নেতা-কৰ্মীক কাৰাগাৰৰ পৰা মুক্তি দিয়াৰ দাবী উত্থাপন হৈছে।

অখিল গগৈ আৰু অন্যান্য সকলৰ মুক্তিৰ দাবীত ডিগবৈত একাংশ প্ৰতিবাদকাৰীয়ে ডিগবৈ-দুলীয়াজান পথত অৰ্দ্ধ উলংগ প্ৰতিবাদ সাৱ্যস্ত কৰে।

প্ৰতিবাদকাৰী সকলে কাৰাগাৰত অখিল গগৈৰ স্বাস্থ্য ভাগি পৰাৰ পিছতো চৰকাৰে কোনো গুৰুত্ব নিদিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে।

তেওঁলোকে অখিল গগৈসহ আন নেতা-কৰ্মী সকলক অনতি বিলম্বে মোকোলাই দিয়াৰ দাবী জনায়।

অন্যথা তীব্ৰ প্ৰতিবাদী আন্দোলন গঢ়ি তোলা হ’ব বুলি সঁকীয়াই দিয়ে।

অখিল গগৈসহ আন নেতা-কৰ্মী সকলৰ বিৰুদ্ধে থকা গোচৰ সমূহো প্ৰত্যাহাৰ কৰাৰ দাবী জনায় প্ৰতিবাদকাৰী সকলে।

উল্লেখ্য ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ পিছত অখিল গগৈক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

অখিল গগৈৰ স্বাস্থ্যৰ অৱস্থা বৰ ভাল নহ’য় বুলি বিভিন্ন সূত্ৰই প্ৰকাশ কৰিছে।