ঈদৰ সাংস্কৃতিক অনুষ্ঠানত শিল্পীক উলংগ নৃত্য প্ৰদৰ্শনৰ হেঁচা দিয়া ঘটনাত জড়িতক গ্ৰেপ্তাৰৰ ইংগিত হিমন্তৰ

কোচবিহাৰৰ পৰা উলংগ নৃত্যৰ শিল্পী আহিব বুলি আয়োজকে পইচা লৈছিল স্থানীয় যুৱকসকলৰ পৰা

বকোত ঈদৰ সাংস্কৃতিক অনুষ্ঠানত শিল্পীক উলংগ নৃত্য প্ৰদৰ্শনৰ বাবে হেঁচা দিয়া ঘটনাটোৱে ছ’চিয়েল মিডিয়াত ব্যাপক আলোড়ন সৃষ্টি কৰি থকাৰ সময়তে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া কৰিছে মন্ত্ৰী হিমন্ত বিশ্বই।

মন্ত্ৰীজনৰ ইংগিত, অচিৰেই গ্ৰেপ্তাৰ হ’ব এই নিন্দনীয় ঘটনাটোত জড়িত “গুণ্ডা প্ৰকৃতিৰ” যুৱককেইজন।

“ইতিমধ্যে ঘটনাটো সন্দৰ্ভত মুখ্য মন্ত্ৰীয়ে কামৰূপ জিলাৰ আৰক্ষী অধীক্ষকৰ সৈতে কথা পাতিছে”, নিজেও আৰক্ষী অধীক্ষকজনৰ সৈতে কথা পতা বুলি জানিবলৈ দি হিমন্তই সংবাদ মাধ্যমৰ আগত কয়।

মন্ত্ৰীজনে ধৰ্মীয় অনুষ্ঠানত এনে নৃত্যৰ “দাবী” সন্দৰ্ভত মন্তব্য দিবলৈ অস্বীকাৰ কৰে যদিও কঠোৰ ব্যৱস্থা লোৱাৰ বাবে প্ৰশাসনক আহ্বান জনায়।

“যুৱতীগৰাকী আৰু নৃত্যশিল্পীৰ দলটোক যিসকল তথাকথিত গুণ্ডা প্ৰকৃতিৰ ল’ৰাই বা যুৱকে মান হানি কৰিলে বা শ্লীলতা হানি কৰিলে, তেওঁলোকক তৎকালীনভাৱে গ্ৰেপ্তাৰ কৰিব লাগে, শাস্তি দিব লাগে, আৰু এনেকুৱা ধৰণৰ কাম আগলৈ যাতে হ’ব নোৱাৰে দৃষ্টান্তমূলক ব্যৱস্থা ল’ব লাগে”, মন্ত্ৰী হিমন্তৰ মন্তব্য।

উল্লেখযোগ্য যে ৭ জুনত বকোৰ ঘটনাৱে ইতিমধ্যে ছ’চিয়েল মিডিয়াত যথেষ্ট আলোড়নৰ সৈতে চৰ্চাত থকা দেখা গৈছে।

আনহাতে ভুক্তভোগী ৰেইনবো ডান্স গ্ৰুপৰ পৰিচালকগৰাকীয়ে ছয়গাওঁ আৰক্ষী থানাত ভুৱা দি শিল্পীৰ দলটোক মাতি নিয়া প্ৰৱঞ্চক ছমৰীয়াৰ কুদ্দুচ আলী আৰু নিৰ্য্যাতনকাৰীসকলৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে।

কুদ্দুচ আলীক শিল্পী দলটোৰ সৈতে বকোৰ সঞ্জয় চৌধুৰীয়ে চিনাকি কৰাই দিছিল আৰু কুদ্দুচ আলীয়ে ৩৭ হাজাৰ টকাত তেওঁলোকক নৃত্য প্ৰদৰ্শনৰ বাবে বন্দৱস্ত কৰিছিল।

কেনেকৈ আৰু কি ঘটিছিল উক্ত নিশা?

এজাহাৰত উল্লেখ কৰা মতে, ঘটনাৰ দিনা পূৰ্বে বন্দৱস্ত কৰামতেই বকোৰ পৰা ৪২জনীয়া শিল্পীৰ দলটো ছমৰীয়াত উপস্থিত হৈছিল যদিও তাত কোনো সাংস্কৃতিক অনুষ্ঠানৰ পৰিৱেশ নেদেখি দলটোৰ পৰিচালকে কুদ্দুচ আলীক ফোনত যোগাযোগ কৰে।

তেতিয়া আলীয়ে তেওঁলোকক আচলপাৰাৰ জোৰশিমলিলৈ অনুষ্ঠান পৰিৱেশন কৰিবলৈ মাতে। দলটো তালৈ গৈ তাতো কোনো সাংস্কৃতিক অনুষ্ঠানৰ পৰিৱেশ নেদেখে। কিন্তু দলটোক টিনপাটেৰে ঘেৰ দি থোৱা এডোখৰ ঠাইত প্ৰৱেশ কৰিবলৈ জোৰ কৰে আৰু নৃত্য পৰিৱেশন কৰিবলৈ কয়।

নৃত্য শিল্পীৰ দলটোৱে স্বকীয় সংস্কৃতিৰ নৃত্য পৰিৱেশ কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে তাত থকা ৭০০-৮০০ উচ্ছৃংখল যুৱকে উদ্ভণ্ডালি কৰিবলৈ আৰম্ভ কৰে আৰু তেওঁলোকক অশ্লীল নৃত্য পৰিৱেশন কৰিবলৈ চিঞৰি চিঞৰি দাবী কৰে। কমিটীৰ মানুহেও ইয়াত সমৰ্থন জনায়।

অলপ পিছতে উচ্ছৃংখল যুৱকসকলে শিল্পীসকলৰ কাপোৰত ধৰি টনা-আঁজোৰা কৰে আৰু অশ্লীল নৃত্য নকৰিলে ডেগাৰেৰে হানি মৰাৰ ভাবুকি দিয়ে। উচ্ছৃংখল যুৱকসকলে তেওঁলোকক জনায় যে কোচবিহাৰৰ পৰা উলংগ নৃত্যৰ শিল্পী আহিব বুলি আয়োজকে তেওঁলোকৰ পৰা বহুত টকা লৈছিল। সেয়ে তেওঁলোকক উলংগ নৃত্য কৰাৰ বাৰম্বাৰ দাবী তোলে। উচ্ছৃংখল যুৱকসকলে অতি অশালীন ব্যৱহাৰ কৰাৰ লগতে শিল্পী দলৰ ছোৱালীবোৰক য’তে-ত’তে স্পৰ্শ কৰিছিল।

শিল্পীৰ দলটোৱে কোনোমতে পলাই সাৰি সেই টিনপাটৰ ঘেৰটোৰ পৰা ওলাই আহি এখন গাড়ীত উঠে। কিন্তু উদণ্ড, উচ্ছৃংখল মানুহৰ দলটোৱে গাড়ীখনতো কুঠাৰ আৰু চিপৰাঙেৰে আক্ৰমণ কৰাত গাড়ীখনৰো ক্ষতি হয়।

পিছত বকো আৰক্ষীৰ তৎপৰতাত পুৱতি নিশা শিল্পীৰ দলটো বকো থানাত উপস্থিত হ’বলৈ সক্ষম হয়। আমন্ত্ৰণ কৰোতাই প্ৰতিশ্ৰুত টকা এটাও নিদিয়ে।