ক্ৰিকেট কেৰিয়াৰক বিদায় জনালে টীম ইণ্ডিয়াৰ বিশ্বকাপবিজয়ী অলৰাউণ্ডাৰ ইউচুফ পাঠানে

টীম ইণ্ডিয়াৰ তাৰকা অলৰাউণ্ডাৰ ইউচুফ পাঠানে সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰগ্ৰহণ কৰে।

তাৰকাগৰাকীৰ অৱসৰ গ্ৰহণৰ উপলক্ষে আই.চি.চি.য়ে এটা টুইটযোগে ক্ৰিকেট জগতলৈ তেওঁ আগবঢ়োৱা অৱদানক সোঁৱৰণ কৰিছে।

উল্লেখযোগ্য যে ২০০৭ চনৰ টি২০ বিশ্বকাপ আৰু ২০১১ চনৰ এদিনীয়া বিশ্বকাপত টীম ইণ্ডিয়া বিজয়ী হোৱাত ইউচুফ পাঠানে অন্যতম অৰিহণা আগবঢ়াইছিল।

শেষবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত তেওঁক ২০১২ চনত দেখা পোৱা গৈছিল।

৫৭ খন এদিনীয়া মেচ খেলি ইউচুফ পাঠানে দুটা শতক আৰু তিনিটা অৰ্ধশতকসহ ৮১০ ৰাণ সংগ্ৰহ কৰিছিল। মাৰমুখী সোঁহতীয়া বেটছমেনজনৰ ষ্ট্ৰাইক ৰেট হৈছে ১১৩.৬০।

বেটিঙৰ উপৰিও এজন স্পীনাৰ হিচাপে তেওঁ এদিনীয়া ক্ৰিকেটত সংগ্ৰহ কৰিছিল ৩৩টা উইকেট।

২২ খন টি২০ মেচত ১৪৬.৫৮ ষ্ট্ৰাইক ৰেটেৰে সংগ্ৰহ কৰিছিল ২৩৬ ৰাণ। আনহাতে ১২টাকৈ উইকেটো সংগ্ৰহণ কৰিছিল।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ উপৰিও তেওঁ আইপিএলত ৰাজস্থান ৰয়েলছ, কলকাতা নাইট ৰাইডাৰ্ছ আৰু চানৰাইজাৰ্ছ হাইদৰাবাদৰ হৈ খেলি প্ৰচুৰ জনপ্ৰিয়তা লাভ কৰিছিল।

‘‘সেই দিনটো মই আজিও মনত পেলাও যেতিয়া ভাৰতৰ জাৰ্চিটো প্ৰথমবাৰৰ বাবে পৰিধান কৰিছিলো। সেইদিনা কেৱল জাৰ্চিটোৱেই মই পিন্ধা নাছিলো, মোৰ পৰিয়াল, প্ৰশিক্ষক, সমগ্ৰ দেশৰ বন্ধুবান্ধৱী আৰু মোৰ নিজৰ আশা-আকাংক্ষাসমূহকো প্ৰতিনিধিত্ব কৰিছিলো।’’ অলৰাউণ্ডাৰজনে অৱসৰগ্ৰহণ কৰি কয়।

তদুপৰি তেওঁ দুটাকৈ বিশ্বকাপ বিজয় আৰু শচীন টেণ্ডুলকাৰক কান্ধত উঠাই বিজয় উদযাপন কৰাৰ মুহূৰ্তটোক কেৰিয়াৰৰ আটাইতকৈ শ্ৰেষ্ঠ সময় বুলি অভিহিত কৰে।

আনহাতে মহেন্দ্ৰ সিং ধনীৰ নেতৃত্বত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট অভিষেক, শ্বেন ৱাৰ্ণৰ নেতৃত্বত আইপিএল অভিষেক আৰু জেকব মাৰ্টিনৰ নেতৃত্বত ৰঞ্জী অভিষেক কৰিও অলৰাউণ্ডাৰজনে নিজকে সৌভাগ্যৱান বুলিও অনুভৱ কৰে।

শুকুৰবাৰে কেৱল ইউচুফ পাঠানেই নহয়, টীম ইণ্ডিয়াৰ মিডিয়াম পেচাৰ আৰ বিনয় কুমাৰেও আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰগ্ৰহণ কৰে।

টীম ইণ্ডিয়াৰ প্ৰাক্তন তাৰকা ইৰফান পাঠানৰ ভাতৃ ইউচুফ পাঠানে অৱসৰ গ্ৰহণ কৰাৰ পাছতে টুইটাৰত তেওঁৰ অনুৰাগীসকলে খেলুৱৈগৰাকীৰ শ্ৰদ্ধাজ্ঞাপন কৰিছে।