বিশ্বকাপ বিজয়ী দলত স্থান পোৱা ধোনীৰ পচন্দৰ ক্ৰিকেটাৰগৰাকী কোন?, ক’লে যুৱৰাজে

ইণ্টাৰনেটৰ পৰা সংগৃহীত

ভাৰতীয় ক্ৰিকেটৰ ইতিহাসত অন্যতম শ্ৰেষ্ঠ অধিনায়ক হিচাপে বিবেচিত হোৱা মহেন্দ্ৰ সিং ধোনী সন্দৰ্ভত কোনেও নজনা এটা গুৰুত্বপূৰ্ণ কথা ফাদিল কৰিছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন বিস্ফোৰক বাওঁহতীয়া বেটছমেন যুৱৰাজ সিঙে।

যুৱৰাজে এটা সাক্ষাৎকাৰত কয় যে সকলো অধিনায়কৰে একো একোজন নিজা পচন্দৰ খেলুৱৈ থাকে আৰু মহেন্দ্ৰ সিং ধোনীৰ পচন্দৰ ক্ৰিকেটাৰ আছিল সুৰেশ ৰাইনা।

এই সন্দৰ্ভত যুৱৰাজে কয় যে ২০১১ চনৰ বিশ্বকাপৰ সময়ত এঘাৰজনীয়া দলটোৰ নিৰ্বাচনৰ সময়ত ধোনীয়ে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিল, কিয়নো মোৰ, ৰাইনা আৰু য়ুছুফ পাঠানৰ মাজৰ পৰা যিকোনো দুজনক বাচনি কৰিব লাগিছিল।

যুৱৰাজে স্প’ৰ্টছ টক নাৰ এটা অনুষ্ঠানত কয়, ‍‘সেই সময়ত সুৰেশ ৰাইনাক ধোনীয়ে যথেষ্ট সমৰ্থন কৰিছিল। সকলো অধিনায়কৰে পচন্দৰ খেলুৱৈ থাকে আৰু মই অনুভৱ কৰো যে সেই সময়ত মাহীৰ পচন্দ আছিল ৰাইনা’।

যুৱৰাজে লগতে কয়, ‍‘সেই সময়ত য়ুছুফেও ভাল প্ৰদৰ্শন কৰি আছিল আৰু মই বেটিঙৰ লগতে বলিঙতো উইকেট লাভ কৰি আছিলো। সেই সময়ত ৰাইনা ভাল ফৰ্মত নাছিল। কিন্তু বাওঁহতীয়া স্পিনাৰৰ অভাৱৰ বাবে ধোনীৰ হাতত বিকল্প নাছিল’।

আনহাতে এই অনুষ্ঠানটোতে যুৱৰাজে ২০০৭ টি-২০ বিশ্বকাপত ছয়টা বলত ছয়টা ছয় কোবোৱাৰ পিছত তেওঁ ব্যৱহাৰ কৰা বেটখনক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল আৰু মেচ ৰেফাৰিয়ে ইয়াৰ তদন্ত কৰা বুলিও সদৰী কৰে।

ইফালে বি চি চি আইৰ বৰ্তমানৰ অধ্যক্ষ সৌৰভ গাংগুলী যুৱৰাজ সিঙৰ পচন্দৰ অধিনায়ক বুলি মন্তব্য কৰি কয়, ‍‘দাদা মোৰ পচন্দৰ অধিনায়ক। তেওঁ মোক বহু সমৰ্থন কৰিছে। আমাৰ প্ৰতিভা বিকাশত তেওঁৰ যথেষ্ট অৰিহনা আছে’।