‘মোৰ ল’ৰাই ভাৰতৰত্ন পোৱা উচিত আছিল,জীৱন ধ্বংস কৰিছে ধোনীয়ে’; যুৱৰাজৰ পিতৃৰ বিস্ফোৰণ

যুৱৰাজ সিঙৰ পিতৃ যোগৰাজ সিঙে পুনৰবাৰ মহেন্দ্ৰ সিং ধোনীক তীব্ৰ আক্ৰমণ শাণিছে। তেওঁ কয়, ‘’মই এম এছ ধোনীক কেতিয়াও ক্ষমা নকৰো। তেওঁ আইনাত নিজৰ মুখখন চাব লাগে। বৰ ভাল ক্ৰিকেটাৰ। তেওঁক প্ৰণাম জনাইছো। কিন্তু মোৰ ল’ৰাৰ লগত তেওঁ যি কৰিলে পাহৰিব নোৱাৰো। এতিয়া সকলো পোহৰলৈ আহিছে। সেইবোৰ পাহৰিব নোৱাৰি। তেওঁ মোৰ ল’ৰাৰ জীৱন নষ্ট কৰি পেলাইছে।”

তেওঁ লগতে কয়, ‘’ মোৰ ল’ৰাটোৱে আৰু চাৰি-পাঁচ বছৰ খেলিব পাৰিলেহেঁতেন৷ মই সকলোকে প্ৰত্যাহ্বান জনাইছো, তেওঁলোকে যুৱৰাজৰ দৰে পুত্ৰ সন্তান জন্ম দিয়ক। গৌতম গম্ভীৰ, বীৰেন্দ্ৰ ছেহৱাগেও কৈছে যুৱৰাজ সিঙৰ দৰে আৰু কাকো পোৱা নাযাব। কেন্সাৰ ৰোগ শৰীৰত লৈ খেলা আৰু দেশৰ বাবে বিশ্বকাপ জয় কৰাৰ বাবে তেওঁক ভাৰতৰত্ন দিয়া উচিত আছিল।”

লগতে পঢ়কঃ৩০ মিনিটতে লুটি সাং শ্বপিং মল; পাকিস্তানৰ কৰাচীবাসীৰ কৃতিত্ব দেখি চকু কপালত উঠিল নেটিজেনৰ

উল্লেখ্য যে যুৱৰাজৰ পিতৃয়ে বিগত কেইবছৰ ধৰি ধোনীক নিয়মীয়াকৈ আক্ৰমণ কৰি আহিছে। তেওঁ দাবী কৰিছিল, ‘’মোৰ তেজ এতিয়াও উতলি আছে। ২০১৯ চনৰ বিশ্বকাপৰ ছেমি ফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে ইচ্ছাকৃতভাৱে ধোনীয়ে ভাল বেটিং কৰা নাছিল। তেওঁ বিচাৰিছিল যে ভাৰত নিউজিলেণ্ডৰ হাতত পৰাস্ত হওক। তেওঁৰ নেতৃত্বত ভাৰতে ২৮ বছৰৰ পাছত বিশ্বকাপ জয় কৰে। তেওঁ বিচৰা নাছিল যে আন কোনো অধিনায়ক বিশ্বকাপ চেম্পিয়ন হওক।”

যোগৰাজে লগতে কৈছিল, ‘ৰবীন্দ্ৰ জাদেজাই ক্ৰীজৰ এটা মূৰত ভাল বেটিং কৰিছিল। তেওঁ ভাৰতীয় দলটোক যুঁজত ৰাখিছিল। ধোনীয়ে নিজৰ স্বাভাৱিক ক্ষমতা অনুযায়ী বেটিং কৰা নাছিল। তেওঁ যদি নিজৰ সামৰ্থ্যৰ ৪০ শতাংশও খেলিলেহেঁতেন তেন্তে আমি ৪৮ অভাৰত মেচখন জয়ী হ’লোহেঁতেন। কিন্তু ধোনীয়ে ইচ্ছাকৃতভাৱে ভাৰতীয় দলটোক হৰুৱাই পেলালে। তেওঁ নিজেই ডাঙৰ শ্বট খেলা নাছিল। তেওঁ জাদেজাক কৈ আছিল, তুমি মাৰা। ধোনীয়ে মিড অন, মিড অফ, মিড উইকেটৰ ওপৰেৰে শ্বট খেলিব পাৰিলেহেঁতেন। কিন্তু তেওঁ কোনো শ্বটেই খেলা নাছিল। মই বল ধৰি ধৰি কব পাৰো ধোনীয়ে কেনেকৈ ভাৰতীয় দলটোক ডুবাইছে।”

লগতে পঢ়কঃ দৃষ্টিশক্তি বচাবলৈ নাকেৰে বাহিৰ কৰা হ’ল টিউমাৰ! সফল অস্ত্ৰোপচাৰেৰে দৃষ্টান্ত গঢ়িলে দিল্লীৰ হাস্পাতালে

ইপিনে, প্ৰাক্তন সতীৰ্থ যুৱৰাজৰ পিতৃয়ে আক্ৰমণ অব্যাহত ৰখাৰ সময়তো ধোনীয়ে তেওঁক প্ৰত্যুত্তৰত আক্ৰমণ কৰিবলৈ অনিচ্ছুক। তেওঁ এতিয়াও যোগৰাজৰ বিৰুদ্ধে মুখ খোলা নাই।