বুমৰাহক অতিক্ৰমি ভাৰতৰ হৈ সৰ্বাধিক টি-২০ উইকেট লাভ য়ুজভেন্দ্ৰ চাহালৰ

টি-২০ ক্ৰিকেটত ভাৰতৰ আটাইতকৈ সৰ্বাধিকসংখ্যক উইকেট লাভ কৰোতাৰ তালিকাৰ প্ৰথম স্থানত উপনীত হ’ল লেগ স্পীনাৰ য়ুজভেন্দ্ৰ চাহাল।

সোঁহতীয়া বলাৰজনে শুকুৰবাৰে আহমেদাবাদৰ মটেৰাত ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত টি-২০ শৃৃংখলাৰ প্ৰথমখন মেচত এই কৃতিত্বৰ গৰাকী হয়।

সপ্তম অভাৰৰ শেষৰ বলটোত চাহালে মেচখনৰ তেওঁৰ একমাত্ৰ উইকেটটো লাভ কৰে।

তেওঁৰ এলবিডব্লিউ চিকাৰ হয় ইংলেণ্ডৰ অপেনিং বেটছমেন জ’ছ বাটলাৰ।

ইয়াৰ পূৰ্বে টি-২০ ক্ৰিকেটত ভাৰতৰ সৰ্বাধিকসংখ্যক উইকেট লাভ কৰোতা বলাৰজন আছিল ফাষ্ট বলাৰ যশপ্ৰীত বুমৰাহ।

শেহতীয়াকৈ ক্ৰিকেটৰ আটাইতকৈ ক্ষুদ্ৰ ফৰমেটটোৰ পৰা আঁতৰি থকা বুমৰাহে বৰ্তমানলৈকে ৫৯টাকৈ উইকেট লাভ কৰিছে।

আনহাতে চাহালে লাভ কৰিছে ৬০টা উইকেট।

তদুপৰি শুকুৰবাৰৰ মেচখনৰ দ্বাৰা চাহালে ভাৰতৰ হৈ ১০০খন আন্তঃৰাষ্ট্ৰীয় মেচ সম্পূৰ্ণ কৰিলে।

বৰ্তমানলৈকে ৩০ বৰ্ষীয় ক্ৰিকেটাৰজনে ৪৬খন টি-২০ মেচত ৬০ টা উইকেট লাভ কৰাৰ বিপৰীতে ৫৪খন এদিনীয়া মেচত সংগ্ৰহ কৰিছে ৯২টা উইকেট।