মস্কোত ড্ৰ’ন আক্ৰমণৰ পিছত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিয়ে কয় যে যুদ্ধ এতিয়া ৰাছিয়াত প্ৰৱেশ কৰিছে। দুয়োখন দেশৰ মাজত চলি থকা যুদ্ধত ৰাছিয়াৰ সীমান্তত আক্ৰমণ অনিবাৰ্য আছিল বুলিও তেওঁ কয়। তেওঁ মন্তব্য কৰে যে এই আক্ৰমণ স্বাভাৱিক আৰু ন্যায়সংগত।
ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা মতে, দেওবাৰে তেওঁলোকে তিনিখন ইউক্ৰেইনৰ ড্ৰ’ন গুলীয়াই ভূপতিত কৰে। দুখন ড্ৰ’ন কাৰ্যালয় ভৱনত বিধ্বস্ত হয় ।
এই আক্ৰমণৰ ফলত কেন্দ্ৰস্থল মস্কোৰ পৰা দক্ষিণ-পশ্চিমে থকা ভনুকোভ’ বিমানবন্দৰ এঘণ্টাৰ বাবে বন্ধ হৈ পৰে।
লগতে পঢ়ক: পাকিস্তানত ৰাজনৈতিক সভাত বোমা বিস্ফোৰণত কমেও ৪০ জনৰ মৃত্যু; আহত ১৫০জন
দেওবাৰে পুৱাৰ ভাগত এই আক্ৰমণৰ পূৰ্বে ৰাছিয়াৰ অভ্যন্তৰত কেইবাটাও পৰ্যায়ত আক্ৰমণ সংঘটিত হৈছে। মস্কোৱে এই আক্ৰমণৰ বাবে ইউক্ৰেইনক দোষাৰোপ কৰিছে যদিও তেওঁলোকে ইয়াৰ দায়িত্ব স্বীকাৰ কৰা নাই।
অৱশ্যে পশ্চিম ইউক্ৰেইনৰ ইভানো-ফ্ৰেংকিভস্ক চহৰৰ পৰা ভিডিঅ’ বাৰ্তাত জেলেনস্কিয়ে কয় যে ইউক্ৰেইন শক্তিশালী হৈ আহিছে। তেওঁ কয় যে আজি এই কথিত বিশেষ সামৰিক অভিযানৰ ৫২২ সংখ্যক দিন। ৰাছিয়াৰ নেতৃত্বই ভাবিছিল যে সেইটো কেইসপ্তাহমানৰ পিছত শেষ হ’ব।
ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে যুদ্ধ লাহে লাহে ৰাছিয়াৰ সীমান্তলৈ ঘূৰি আহিছে। যুদ্ধখন পুনৰ নিজৰ প্ৰতীকী কেন্দ্ৰ আৰু সামৰিক ঘাটিসমূহলৈ ঘূৰি আহিছে। ই অনিবাৰ্য, স্বাভাৱিক আৰু সম্পূৰ্ণ ন্যায়সংগত।
উল্লেখ্য যে ইউক্ৰেইনৰ সীমান্তৰ পৰা প্ৰায় ৫০০ কিলোমিটাৰ (৩১০ মাইল) দূৰত্বত অৱস্থিত মস্কোক ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত ৰাছিয়াই ইউক্ৰেইনত পূৰ্ণাংগ আক্ৰমণ আৰম্ভ কৰাৰ পিছত খুব কমেইহে লক্ষ্য কৰি লোৱা হৈছে।
লগতে পঢ়ক: মণিপুৰৰ হিংসাত চীনৰ হাত আছে -প্ৰাক্তন সেনা প্ৰধান মনোজ মুকুন্দৰ বিস্ফোৰণ
কিন্তু ৰাছিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে যে যোৱা কেইমাহমানত ইউক্ৰেইনে নিজৰ ভূখণ্ডত ধাৰাবাহিকভাৱে ড্ৰ’ন আক্ৰমণ চলাইছে, যাৰ ভিতৰত ৰাজধানীখনত চলোৱা কেইবাটাও আক্ৰমণো আছে।
আটাইতকৈ উল্লেখযোগ্য আছিল মে’ মাহত যেতিয়া ৰাছিয়াই দাবী কৰিছিল যে ইউক্ৰেইনে দুখন ড্ৰ’ন ব্যৱহাৰ কৰি ক্ৰেমলিন – চহৰখনৰ হৃদপিণ্ড আক্ৰমণ কৰিছিল। ইউক্ৰেইনে ক্ৰেমলিনক আক্ৰমণ কৰা বা ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক লক্ষ্য কৰি লোৱাৰ কথা অস্বীকাৰ কৰে।
ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয় যে যিটো ভূখণ্ড ২০১৪ চনত ৰাছিয়াই নিজৰ অধীনলৈ লৈছিল, ইউক্ৰেইনে সেই ক্ৰিমিয়াত নিশাটোৰ ভিতৰতে এক ড্ৰ’ন আক্ৰমণ চলাইছিল।
লগতে পঢ়ক: বিমানত মনে মনে নিদ্ৰাৰত ধোনীৰ ফটো তুলি অপমানিত হ’ল বিমান পৰিচাৰিকা
ইপিনে, ইউক্ৰেইনৰ বিষয়াসকলে কয় যে দেশখনৰ উত্তৰ-পূবৰ চুমি চহৰত ৰাছিয়াৰ ক্ষেপণাস্ত্ৰ আক্ৰমণত এজন লোকৰ মৃত্যু হোৱাৰ লগতে পাঁচজন লোক আহত হৈছে। শনিবাৰে দক্ষিণৰ চহৰ জাপোৰিজ্জিয়াত দুজন লোকৰ মৃত্যু হোৱা বুলিও বিষয়াসকলে জনায়।