কিতাপ নথকা জাতি এটাক গামোচাই বচাব নোৱাৰে : জুবিন গাৰ্গ

Zubeen_Hima

হিমাৰ সৈতে শিল্পী জুবিন গাৰ্গ।

যোৱা ১৯-২০ বছৰে ধাৰাবাহিকভাৱে আৰু সফলভাৱে অনুষ্ঠিত হৈ অহা তথা সমগ্ৰ ৰাজ্যৰ গ্ৰন্থপ্ৰেমীৰ আগ্ৰহৰ কেন্দ্ৰ হৈ পৰা উত্তৰ-পূব গ্ৰন্থমেলা আয়োজনত স্বয়ং চৰকাৰে বিধি-পথালি দিয়া কাৰ্য্যত এইবাৰ সৰৱ হৈ পৰিছে জনপ্ৰিয় গায়ক জুবিন গাৰ্গ।

গ্ৰন্থমেলাক লৈ খেলিমেলি নকৰিব বুলি আহ্বান জনাই চৰকাৰলৈ বুলি সম্বোধন কৰি এটা চমু লেখা নিজৰ ফেইচবুকৰ টাইমলাইনত প্ৰচাৰ কৰিছে জুবিনে।

লেখাটোত জনপ্ৰিয় শিল্পীজনে প্ৰশ্ন কৰিছে, ২০ বছৰে পাতি অহা গ্ৰন্থমেলা অনুষ্ঠিত কৰিবলৈ দিয়াত চৰকাৰে বেয়া পাইছে কিয়?

আনহাতে প্ৰসংগটোত তাৎপৰ্য্যপূৰ্ণ আৰু অতি মহত্ত্বপূৰ্ণ মন্তব্যও কৰে জুবিনে, “কিতাপ নথকা জাতি এটাক গামোচাই বচাব নোৱাৰে।”

জুবিন গাৰ্গৰ চমু লেখাটো।

অহা বছৰৰ মাৰ্চলৈকে চানমাৰিৰ ফিল্ডখন বুক কৰি থোৱা বাবে চৰকাৰক সমালোচনা কৰে শিল্পীজনে। ইয়াক তেওঁ উত্তৰ-পূব গ্ৰন্থমেলাৰ প্ৰতি চৰকাৰখনৰ ষড়যন্ত্ৰ আখ্যা দিছে।

মানুহে কিতাপ কিনাটো চৰকাৰে নিবিচাৰে নেকি? নে মানুহে কেৱল সেইবোৰ কিতাপ কিনিব পাৰিব, যিবোৰ চৰকাৰে ভাল পায়? মানুহে চিন্তা-চৰ্চা নকৰিব নেকি? গ্ৰন্থমেলাৰ নামত কাজিয়া কৰি এখন প্ৰতিষ্ঠিত গ্ৰন্থমেলা বন্ধ কৰাৰ ষড়যন্ত্ৰ কৰি চৰকাৰে খুবেই বেয়া কাম কৰিছে আৰু ইয়াৰ বাবে তেওঁলোকে লাজ পোৱা উচিত।

তেওঁ চৰকাৰক ‘প্ৰত্যেকখন জিলাৰ প্ৰতিটো মহকুমাৰ প্ৰতিখন সদৰ ঠাইত একে সময়তে একেলগে গ্ৰন্থমেলা পাতি দেখুওৱাক’ বুলি প্ৰত্যাহ্বান জনায়।

তেওঁ প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলা আৰু উত্তৰ-পূব গ্ৰন্থমেলা, এই দুয়োখন গ্ৰন্থমেলা পতাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়। তেওঁ আজি উত্তৰ-পূব গ্ৰন্থমেলা সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই দীঘলীপুখুৰীৰ পাৰত অনুষ্ঠিত কৰা চৰকাৰৰ বিৰুদ্ধে ধৰ্মঘট কাৰ্য্যসূচীলৈ সমৰ্থন আগ বঢ়ায়। তেওঁ ভাৰতৰ বাহিৰত থকা বাবে এই ধৰ্মঘট কাৰ্য্যসূচীলৈ আহিব নোৱৰা বুলি স্বীকাৰ কৰে।