NORTHEAST NOW (Assamese)

এইকেইদিন অনুগ্ৰহ কৰি ঘৰৰ ভিতৰতে থাকক : জুবিন গাৰ্গ

March 23, 2020 9:29 pm · দীপজ্যোতি শৰ্মা
জুবিন গাৰ্গৰ ফাইল ফটো। উৎস-ইণ্টাৰনেট

দেশত ক’ৰ’না ভাইৰাছৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে নিজৰ ফেইজবুক পেইজ যোগে সকলো অসমবাসীক ঘৰৰ ভিতৰত আবদ্ধ হৈ থাকিবলৈ আহ্বান জনাইছে।

‘‘অসমবাসী ৰাইজলৈ আন্তৰিক শুভকামনা আৰু শ্ৰদ্ধা জনাইছো ৷আজিৰ এই দুৰ্দশাগ্ৰস্ত, বেয়া পৰিস্থিতিত কৰ’না ভাইৰাচে যি পৰিস্থিতি কৰিছে তাৰ বাবে আমি সজাগ হ’বৰ হৈছে। সকলো মানুহে নিজক নিজৰ ঘৰত নিজৰ কোঠাত আৱদ্ধ কৰি ৰাখক ৷ বেছি ঘূৰা-ফুৰা নকৰিব যাতে বেমাৰটি বিয়পি আপোনাৰ লগতে বেলেগৰ শৰীৰলৈ নাযায়,’’ জুবিন গাৰ্গে সকলোকে আহ্বান জনাই এইদৰে।

”মই জানো কষ্ট হৈছে বহুতৰে। ময়ো মুম্বাইলৈ আহিছিলো কামৰ বাবে আৰু ইয়াত আৱদ্ধ হৈ গলো। কিমান দিন আমি ইয়াত থাকিব লাগে নাজানো কিন্তু প্ৰস্তুত হৈছো মানসিকভাৱে আপোনালোকেও প্ৰস্তুত হওক,” জুবিনে লগতে কয়।

আনহাতে, চৰকাৰে যিখিনি সহায় আগবঢ়াইছে তাত সকলোৱে হাত উজান দি সহায় কৰাৰ বাবেও জুবিনে আহ্বান জনায়।

‘‘আমি অচিৰেই এই ভাইৰাছ পৰা মুক্তি পাম বুলি আশাবাদী, আপোনালোকো আশাবাদী হওক। সদায় আমি একেলগে আছো আৰু একেলগে থাকিম,’’ জুবিনে লগতে কয়।

শেষত জয় আই অসম ধ্বনি দি জনপ্ৰিয় কণ্ঠশিল্পী গৰাকীয়ে নিজৰ ফেইজবুক পেইজত প্ৰকাশ কৰা ভিডিঅটি সামৰে।

Related News