NORTHEAST NOW (Assamese)

শ্যামকানু মহন্তৰ ভূমিকা সন্দেহৰ আঁৰত! ন্যায়ৰ দাবীত সৰৱ গৰিমা শইকীয়া গাৰ্গ

September 29, 2025 4:45 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: September 29, 2025 8:31 pm

অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধৰ দিনাই তেওঁৰ পত্নী গৰিমা শইকীয়া গাৰ্গে প্ৰথমবাৰ বাবে মুখ খুলিলে সংবাদ মাধ্যমৰ আগত। জুবিনৰ অকাল মৃত্যুৰ আঁৰৰ ৰহস্য শীঘ্ৰে উন্মোচন কৰি দোষীৰ প্ৰতি বিহিত ব্যৱস্থা গ্ৰহণৰ আহ্বান  জনাইছে

গৰিমা গাৰ্গে সংবাদ মাধ্যমৰ আগত কয় যে, “জুবিনে এখন অনুষ্ঠান কৰিলে কিমান টকা পায়, মই এতিয়ালৈকে জানিব পৰা নাছিলোঁ। তেওঁ সকলোকে বিশ্বাস কৰিছিল, সেয়ে তেওঁৰ বৃত্তিগত কামৰ পৰা মোক আতৰত ৰাখিছিল। কিন্তু এতিয়া সকলো জানিবই লাগিব।”

তেওঁ আৰু কয় যে জুবিনে জীৱনত সদায় তেওঁক দৃঢ় আৰু শক্তিশালী হ’বলৈ শিকাই গৈছে। গতিকে “প্ৰকৃততে কি হৈছিল, সেইটো জানিবই লাগিব। জুবিন থাকিলে আৰু ছয় মাহৰ ভিতৰত আমাৰ ঘৰটো সম্পূৰ্ণ হ’লহেঁতেন। এতিয়া তেওঁৰ সকলো সপোন পূৰণ কৰিবলৈ চেষ্টা কৰিম,” বুলি তেওঁ মন্তব্য কৰে।

শিল্পী গৰাকীৰ পত্নীয়ে উল্লেখ কৰে যে ঘটনাৰ পিছত তেওঁ জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থলৈ ফোন কৰিছিল যদিও ফোন অফ আছিল। লগতে শ্যামকানু মহন্তৰ ব্যৱস্থা সন্দৰ্ভতো সন্দেহ প্ৰকাশ কৰি তেওঁ কয় “শ্যামকানু মহন্তই জুবিনৰ বাবে কৰা বিশেষ ব্যৱস্থাত মোৰ সন্দেহ আছে। তাত উপস্থিত লোকে জুবিনক পানীত নামিবলৈ দিয়াটো উচিত নাছিল।” তেওঁ প্ৰশ্ন কৰিছে যে “মানুহটোক লাইফ জেকেট নিপিন্ধাকৈ কিয় পানীত নামিব দিছিল?

 সংবাদ মাধ্যমৰ আগত তেওঁ আৰু কয় জুবিনে সদায় প্ৰকৃতিক ঈশ্বৰ বুলি পূজা কৰিছিল। সমাজখন একত্ৰিত থাকিলে জুবিন সুখত থাকিব বুলি মত প্ৰকাশ কৰিছে গৰিমা শইকীয়া গাৰ্গে। ছিংগাপুৰৰ পৰা অহা পিছত চিনেমাত লগাৰ কথা আছিল। এতিয়া তেওঁৰ অবিহনে আমি চিনেমাখন সম্পন্ন কৰিম বুলিও তেওঁ উল্লেখ কৰে।

Related News