জুবিন গাৰ্গৰ প্ৰস্তাৱ : সদ্যপ্ৰয়াত ‘দীপালী বৰঠাকুৰ’ৰ নামেৰে নামকৰণ হওক বগীবিল দলং

zubeen against citizenship bill

জুবিন গাৰ্গৰ ফাইল ফটো

সুদীৰ্ঘ দুটা দশকৰ অন্তত যোৱা ২৫ ডিচেম্বৰত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে উত্তৰ আৰু দক্ষিণপাৰক সংযোজন কৰা বগীবিল দলং। দলং মুকলি হোৱাৰ পাছৰে পৰা দলঙেৰে চলিল বাছ তথা ৰে’ল কিন্তু এতিয়াও দলংখনৰ নামকৰণক লৈ অব্যাহত আছে বাদ-বিবাদ।

বিভিন্ন জনগোষ্ঠীয়ে তেওঁলোকৰ স্মৃতিবিজৰিত উপৰিপুৰুষৰ নামেৰে দলংখন নামকৰণ কৰিব লাগে বুলি দাবী কৰি অহাৰ সময়ত দলংখনৰ নামকৰণক লৈ আৰু এটা প্ৰস্তাৱ পোহৰলৈ অহা কাৰ্যই অস্বস্তিত পেলাইছে দল-সংগঠনক। উল্লেখ্য যে দলংখনৰ বাবে নতুনকৈ উত্থাপন হোৱা নামটো আগবঢ়াইছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা নৱপ্ৰজন্মৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গে।

মাজগাঁও আমছুৰ শাখা সমিতি আৰু নাহৰণিবাসীৰ উদ্যোগত জুবিন একাদশ আৰু সংবাদ কৰ্মী একাদশৰ মাজত অনুষ্ঠিত এখন প্ৰীতি ফুটবল মেচৰ অন্তত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত জুবিনে বগীবিল দলং সদ্যপ্ৰয়াত যশস্বী শিল্পী দীপালী বৰঠাকুৰৰ নামত নামকৰণ হ’ব লাগে বুলি মত প্ৰকাশ কৰে।

উল্লেখ্য যে দীৰ্ঘদিনৰে পৰা দলংখনৰ নামকৰণক লৈ চুতীয়া, আহোম, মিচিং, দেউৰী আদি জনগোষ্ঠীয় সংগঠনসমূহে নিজৰ নিজৰ শ্ৰদ্ধেয় উপৰিপুৰুষৰ নাম উত্থাপন কৰি অহাৰ সময়তে দলংখনক লৈ জুবিন গাৰ্গৰ এনে প্ৰস্তাৱ কি প্ৰভাৱ পেলায় সেয়া পৰৱৰ্তী সময়ত মন কৰিবলগীয়া হ’ব।

মন কৰিব লগীয়া যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দলং উদ্বোধনৰ সময়ত দলংখনক ‘বীৰাংগনা সতী সাধনী সেতু’ হিচাপে নামকৰণ কৰিব বুলি সকলোৱে আশা কৰি আছিল যদিও দলংখনৰ কোনো নামকৰণ নকৰাকৈয়ে দেশবাসীৰ বাবে মুকলি কৰাত সৰ্বত্ৰে চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে।