এখন সংবাদ পত্ৰত প্ৰকাশিত বিভ্ৰান্তিকৰ বাতৰিৰ বিৰুদ্ধে জুবিনৰ তীব্ৰ ক্ষোভ প্ৰকাশ

Zubeen Garg Story

জুবিন গাৰ্গ

বিগত ১৫ ফেব্ৰুৱাৰিত কণ্ঠ শিল্পী মানস ৰবীনক আজৰা আৰক্ষীয়ে আটক কৰাৰ পাছতেই মানস ৰবীনক লৈ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে কৰা  মন্তব্যৰ এক খবৰ প্ৰকাশ পাইছিল অসমৰ এখন আগশাৰীৰ বাতৰি কাকত অসমীয়া খবৰত।

প্ৰকাশিত বাতৰিটোৰ শিৰোনাম আছিল ‘‘মানস ৰবীনে কাক সুধি আন্দোলন কৰিছে, নাজানো : জুবিন গাৰ্গ।’’

সংবাদ পত্ৰখনত প্ৰকাশিত বাতৰিটোক লৈ আজি বিয়লি নিজৰ ফেইচবুক পেজৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে ষ্পষ্টীকৰণ দাঙি ধৰিছে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ শিল্পীগৰাকীয়ে।

‘‘মই নাজানো মানুহ বোৰে কিয় এনেকুৱা এটা মিছা বাতৰি প্ৰকাশ কৰি ভালপায় ৷ এয়া এক ষড়যন্ত্ৰ যাৰ দ্বাৰা আমাৰ মাজত থকা বান্ধোন ভাগিব বিচৰা হৈছে ৷ আমি সকলো ‘কা’ বিৰোধী আন্দোলনৰ ইচ্যুত একত্ৰিত হৈ আছো,’’ জুবিনে লিখে।

‘‘তেওঁলোকে এই বাতৰিটো বনাইছিল যেতিয়া মই মুখ্য মন্ত্ৰীক আলিংগন কৰিছিলো৷ এইটো মোৰ সৌজ্যনতা৷ মই কি পথেৰে গৈ আছো সেয়া মই অৱগত।পৰীক্ষাৰ বাবে আমাৰ ‘কা’ বিৰোধী আন্দোলন স্থগিত আছে ৷পৰীক্ষাৰ পাছত আমাৰ প্ৰতিবাদী কণ্ঠ পুনৰ গৰজি উঠিব,’’ জুবিনে লগতে কয়।

নিজৰ পোষ্টৰ শেষত তেওঁ এনে বিভ্ৰান্তিকাৰী বাতৰি পৰিবেশনকাৰী সকলক আন্দোলনকাৰীৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি আৰু জনসাধাৰণক বিপথে পৰিচালনা কৰাৰ চেষ্টা নকৰিবলৈ জুবিনে সকীয়নি দিয়ে।