জুবিন গাৰ্গৰ পিতৃ কপিল বৰঠাকুৰৰ শৰীৰত ধৰা পৰিছে কোভিড-১৯ পজিটিভ।
তেওঁৰ লগতে তেওঁৰ শহুৰ-শাহু অৰ্থাৎ গৰিমা গাৰ্গৰ পিতৃ-মাতৃ কোভিড-১৯ পজিটিভ বুলি জানিব পৰা গৈছে।
এক ঘনিষ্ঠ সূত্ৰই জনাইছে এই কথা।
তেওঁলোক তিনিওগৰাকী জুবিন গাৰ্গৰ কাহিলিপাৰাৰ ঘৰত আছিল।
কোভিড-১৯ চিনাক্ত হোৱাৰ পাছত তেওঁলোকক IIT গুৱাহাটী কোভিড কেয়াৰ চেণ্টাৰত ৰখোৱা হৈছে বুলি সূত্ৰটোৱে জনাইছে।
তেওঁলোকৰ কোভিডৰ লক্ষণ হিচাপে জ্বৰ আৰু কাঁহ হোৱা বুলি জানিব পৰা গৈছে। এন্টিজেন টেষ্টত তেওঁলোকৰ কোভিড-১৯ পজিটিভ ধৰা পৰে।
উল্লেখযোগ্য যে, অসমত বৰ্তমানলৈ কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ১৩৮৩৩৯ গৰাকী ৷
ৰাজ্যত সম্প্ৰতি ৩২২০৫ গৰাকী এনে ৰোগী চিকিৎসাধীন হৈ আছে ৷
সুস্থ হোৱা ৰোগীৰ সংখ্যা – ১০৫৭০১ গৰাকী।
মৃত্যু হোৱা ব্যক্তিৰ সংখ্যা ৪৩০ গৰাকী।